ETV Bharat / state

ঢোল-পেঁপাৰ মাতত মুখৰিত সত্রনগৰী মাজুলীৰ পৰিবেশ

author img

By

Published : Apr 12, 2022, 10:33 PM IST

bihu-preparation-in-majuli
ঢোল পেঁপাৰ মাতত মুখৰিত সত্রনগৰী মাজুলীৰ পৰিবেশ

ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Bihu preparation in Assam) ৷ ইতিমধ্যে বিভিন্ন প্ৰান্তত চলিছে বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালা । ৰঙালীৰ প্ৰাকঃক্ষণত মাজুলীৰো ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালাৰ ৷ সমান্তৰালকৈ মাজুলীৰ বালিচাপৰী কাঠনীআটি উচ্চ মাধ্যমিক বিদ্যালয়তো ৰঙালীৰ প্ৰাকঃক্ষণত দেখিবলৈ পোৱা গ'ল উখল-মাখল পৰিবেশ ৷

মাজুলী, 12 এপ্ৰিল : অসমৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেঁপাহৰ ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি (Bihu preparation in Assam) ৷ চৌদিশে কেৱল ঢোল -তালৰ গুমগুমণি । গাঁৱৰ ডেকা গাভৰুৰ পৰা কণ কণ শিশু সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ |

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ বালিচাপৰী কাঠনীআটি উচ্চ মাধ্যমিক বিদ্যালয়তো ৰঙালীৰ প্ৰাকঃক্ষণত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে হুঁচৰি, বিহুনাচ আদি প্ৰদৰ্শন কৰে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাজুলী জিলা পৰিবহন বিষয়া ক্ষীৰোদ নেওগ ৷

ঢোল পেঁপাৰ মাতত মুখৰিত সত্রনগৰী মাজুলীৰ পৰিবেশ

ইপিনে ঢোল-পেঁপাৰ মাতত মুখৰিত হৈছে সত্ৰনগৰী মাজুলীৰ পৰিবেশ । ঢোলৰ ছেৱত কঁকাল ভাঙিছে নাচনীয়ে ৷ সম্প্ৰতি মাজুলীৰ ভিন্ন প্ৰান্তত ৰঙালী বিহুৰ বহু কেইখন বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে (Bihu workshop in Majuli) ৷ য'ত অংশগ্ৰহণ কৰিছে মাজুলীৰ ডেকা-গাভৰুৰ লগতে কণ কণ শিশুৱে ৷ সমান্তৰালকৈ মাজুলী জিলা বিহু শিল্পী সংস্থায়ো মাজুলীৰ কেইবা ঠাইতো অনুষ্ঠিত কৰিছে বিহু কৰ্মশালা ।

লগতে পঢ়ক : জুবিন-পাপনৰ গীত আৰু কেকে-মোহনৰ কৌতুকেৰে মুখৰিত হ’ব টিংখাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.