ETV Bharat / state

কা' বাতিলৰ দাবীত মাজুলীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Jan 9, 2021, 5:53 PM IST

অতি সোনকালে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে পৰৱৰ্তী সময়ত অধিক তীব্ৰতৰ আন্দোলন কৰাৰ হংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

ajycp-protest-against-caa-at-majuli
কা' বাতিলৰ দাবীত মাজুলীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মাজুলী,9 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বতিলৰ দাবীত শনিবাৰে মাজুলীৰ কমলাবাৰী চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ মজুলী জিলা কমিটিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এই আইন বাতিলৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ বলবৎ কৰি অতি শীঘ্ৰে কা' বাতিল কৰিব লাগে বুলি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷

ajycp-protest-against-caa-at-majuli
কা' বাতিলৰ দাবীত মাজুলীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

যদি অতি শীঘ্ৰে কা বাতিল নকৰে তেনেহলে অনাগত দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা এই প্ৰতিবাদস্থলীত উপস্থিত থাকে সংগঠনটোৰ প্ৰায় শতাধিক সদস্য ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.