ETV Bharat / state

Bhogali Bihu 2023: লখিমপুৰত ৭০ ফুট উচ্চতাৰ লণ্ডন টাৱাৰ ব্ৰীজ আৰ্হিৰ ভেলাঘৰ

author img

By

Published : Jan 8, 2023, 4:01 PM IST

Meji preparation in Assam
লণ্ডন টাৱাৰ ব্ৰীজৰ আৰ্হিৰ ভেলাঘৰ

পদুলিত হেঁপাহৰ ভোগালী বিহু। উৰুকাৰ নিশা ভেলাঘৰত মাছে মঙহে এসাঁজ খোৱাৰ বাবে ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি। সমানে চলিছে আকৰ্ষণীয় তথা ব্যতিক্রমী ৰূপত ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে লখিমপুৰৰ এখন পথাৰত নিৰ্মাণ হৈছে লণ্ডন টাৱাৰ ব্ৰীজৰ আৰ্হিৰ ভেলাঘৰ (London Tower Bridge in Lakhimpur)।

লণ্ডন টাৱাৰ ব্ৰীজৰ আৰ্হিৰ ভেলাঘৰ

লখিমপুৰ, ৮ জানুৱাৰী :ভোগালী বিহু আহি পদূলিমুখত ৷ ভোগৰ বতৰত এসাঁজ লগেভাগে খোৱাৰ মানসেৰে ৰাইজ সাজু হৈছে । হেঁপাহৰ ভোগালীৰ বতৰত জ্বলিব মেজিৰ জুই (Meji preparation in Assam)। এই মাঘ বিহুৱে সকলোলৈ কঢ়িয়াই আনিব শান্তি-সম্প্ৰীতি তথা ঐক্যৰ বতৰা । কঙালীৰ পাছত সমৃদ্ধিৰ বতৰা লৈ অহা ভোগালী বিহুৰ বাবে সকলোৰে মাজত যেন চলিছে অঘোষিত প্ৰতিযোগিতা ।

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে (Bhogali Bihu preparation in Assam) । উৰুকাৰ নিশা লগে ভাগে মাছে-মঙহে উদৰ পুৰাই এসাজ খাই বিহুৰ দিনা পূৱা অগ্নি প্ৰজ্বলিত কৰিবলৈ সাজু হৈছে (Bhogali Bihu 2023)। অগ্নি প্ৰজ্বলিত ধ্বনিৰে মেজিক সেৱা কৰি জুইৰ উম ল'বলৈ প্ৰস্তুতি চলাইছে ৰাইজে । মেজিৰ জুইত সমাজৰ অসুয়া-অশান্তি আঁতৰ কৰাৰ সংকল্প লোৱাৰ হেঁপাহৰ ভোগালীৰ আনন্দত উটি ভাহি যাবলৈ তৰণি নোহোৱা হৈছে ৰাইজৰ ।

মেজিৰ সমানে আকৰ্ষণীয় ৰূপত ভেলাঘৰ সজাত উবুৰি খাই পৰিছে ষুৱক-যুৱতীৰ পৰা আবাল বৃদ্ধ-বনিতা । ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে লখিমপুৰতো চলিছে ভোগালী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি । আন ঠাইত ভেলাঘৰ নিৰ্মাণ কৰাৰ দৰে লখিমপুৰতো চলিছে আকৰ্ষণীষ ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি । জিলাখনৰ তেলাহী যুৱ সমাজৰ সৌজন্যত ভোগালী উৎসৱ উদযাপনৰ বাবে বাঁহপাতি পুৰণি গাঁৱত ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে । ৰাইজে নিৰ্মাণ কৰি আছে ৭০ ফুট উচ্চতাৰ লণ্ডন ব্ৰীজ আৰ্হিৰ ভেলাঘৰ (Velaghar on pattern of London Tower Bridge)।

ভেলাঘৰ নিৰ্মাণস্থলীত গাঁৱৰ জীয়াৰী-বোৱাৰীৰ বিহু নৃত্যৰে পাৰভঙা আনন্দ উচাহ পৰিলক্ষিত হৈছে । মেজিৰ খৰি ফলাৰ পৰা লণ্ডন ব্ৰীজৰ আৰ্হিৰ ভেলাঘৰ সজালৈকে সকলোতে গঞা ৰাইজ উবুৰি খাই পৰিছে (London Tower Bridge in Lakhimpur)। এই উপলক্ষে গ্ৰহণ কৰা দুদিনীয়া কাৰ্যসূচীত নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হৈছে ।

ভোগালী বিহুত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । চকুত কাপোৰ বান্ধি হাঁহ ধৰাৰ দৰে আকৰ্ষণীয় খেল অনুষ্ঠিত হয় এই বিহুত । পুৰুষ-মহিলা উভয় শাখাতে আয়োজন কৰা হৈছে এই আকৰ্ষণীয় প্ৰতিযোগিতাসমূহ । কণী যুঁজৰ উপৰি পুৰুষ-মহিলাৰ ৰচী টনা খেল, পিঠা বনোৱা আৰু খোৱা প্ৰতিযোগিতা, দৌৰ প্ৰতিযোগিতা, চকুত কাপোৰ বান্ধি টেকেলি ভঙা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:Teachers went on picnic: পাঠদানলৈ পিঠি দি খোলা বাৰতে অধ্যক্ষাসহ শিক্ষক-শিক্ষয়িত্ৰী বনভোজ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.