ETV Bharat / state

Lakhimpur Road Accident: লখিমপুৰ বাইপাছত তীব্ৰ বেগী বাহন দুঘটনাগ্ৰস্ত; দুজনৰ মৃত্যু

author img

By

Published : Aug 3, 2023, 10:46 AM IST

লখিমপুৰৰ বাইপাছত বুধবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক । ৰখাই থোৱা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ ৷

Lakhimpur Road Accident
লখিমপুৰৰ বাইপাছত পথ দুৰ্ঘটনা নিহত দুজন

লখিমপুৰৰ বাইপাছত পথ দুৰ্ঘটনা নিহত দুজন

লখিমপুৰ, ৩ আগষ্ট: বুধবাৰে নিশা লখিমপুৰৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথত ৰখাই থোৱা ট্ৰাকত খুন্দা তীব্ৰ বেগী বাহনৰ ৷ ফলত থিতাতে নিহত হৈছে দুজনকৈ লোক । দুৰ্ঘটনাত নিহত দুজন কদম কছাৰীৰ চুমী সোণোৱাল আৰু যতীন মৰাং বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত তীব্ৰ বেগী বাহনখনৰ দুজনকৈ আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে চালকজন গুৰুতৰভাৱে আহত হৈছে ৷

স্থানীয় ৰাইজৰ তৎপৰতাত আহত চালকজনক লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হ’ল এ এছ ০৭ এম ৩৯০৪ । দুৰ্ঘটনাৰ পাচতে নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত কেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ গৰাকী লখিমপুৰৰ ছিয়াজুলী ষ্টেচন তিনি আলি নিবাসী ৰাজু ঠাকুৰৰ বুলি জানিব পৰা গৈছে । আনহাতে আহত চালক ৰাজু ঠাকুৰৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

স্থানীয় লোকৰ মতে, লখিমপুৰ নগৰৰ পৰা বোৱালগুৰি হৈ তীব্র বেগত গৈছিল দুৰ্ঘটনা সংঘটিত কৰা বাহন খন । তেনে সময়তে লখিমপুৰ বাইপাছত ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত সংগঠিত হয় ৷ মদ-ভাং, নিষিদ্ধ দব্য সেৱন কৰি গাড়ী চলোৱা, অনৈতিক কেতবোৰ কাম-কাজৰ বাবে বাইপাছত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । মাথো কেইদিনমানৰ পূৰ্বে বাইপাছটোৰ অভাৰব্ৰীজৰ কাষত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বুধবাৰে নিশা এই ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক: Bajrang dal arms training: স্বজাতি স্বধৰ্মৰ আবেগ ঢালি বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক আওপকীয়া সমৰ্থন মন্ত্ৰী জয়ন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.