ETV Bharat / state

Bajrang dal arms training: স্বজাতি স্বধৰ্মৰ আবেগ ঢালি বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক আওপকীয়া সমৰ্থন মন্ত্ৰী জয়ন্তৰ

author img

By

Published : Aug 1, 2023, 11:00 AM IST

স্বয়ং সেৱক সংঘৰ মূল লক্ষ্যই হ’ল ব্যক্তি নিৰ্মাণ ৷ বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়ায় জয়ন্ত মল্ল বৰুৱাই ৷

Bajrang dal arms training
ব্যক্তি নিৰ্মাণৰ বাবেই স্বয়ং সেৱক সংঘই প্ৰদান কৰে মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ !

ব্যক্তি নিৰ্মাণৰ বাবেই স্বয়ং সেৱক সংঘই প্ৰদান কৰে মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ !

বিহপুৰীয়া, 1 আগষ্ট : ‘‘মই নিজেই এজন স্বয়ং সেৱক আৰু মই নিজেই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ । স্বয়ং সেৱক সংঘৰ মূল লক্ষ্যই হ’ল ব্যক্তি নিৰ্মাণ । ব্যক্তি নিৰ্মাণৰ বাবে যি প্ৰচেষ্টাৰ প্ৰয়োজন সেই প্ৰচেষ্টা সংঘৰ প্ৰশিক্ষণৰ মাজেৰে দিয়া হয় । ধৰ্ম সংস্কৃতিৰ লগে লগে সুৰক্ষাৰ বেহুও ৰাখিব লাগে । নিজৰ সুৰক্ষা কাৰণে কাম কৰাটো কোনো ভুল কাম নহয় ৷’’

বিহপুৰীয়াত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ভাৰতীয় ইতিহাসত বিভিন্ন সময়ত যিমানবাৰ দেশ বা দেশৰ বিভিন্ন কৃৰ্তি চিহ্নসমূহৰ ওপৰত আক্ৰমণ হৈছে সেয়া সুৰক্ষাৰ অভাৱৰ বাবেই হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য কৰা প্ৰয়োজন যে, ঘটনাটোৱে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পাচতেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ এক টুইটযোগে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই ঘটনাৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ধাৰাত গোচৰ ৰুজুৰ লগতে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জনায় ৷

দৰং আৰক্ষীয়ে বজৰং দলৰ অনুমতিবিহীন অস্ত্ৰ চালনা প্ৰশিক্ষণৰ বিৰুদ্ধে মঙলদৈ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 153 A/34 ধাৰাত 357 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত, শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নাৰায়ণপুৰ সংকুলৰ সহযোগিতাআৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰচেষ্টাত বিহপুৰীয়াত আয়োজন কৰা এক নাট প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থকাৰ সময়তে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই স্বয়ংসেৱক সংঘই আত্মৰক্ষা, ব্যক্তি নিৰ্মাণৰ বাবে এনে প্ৰশিক্ষণ আগবঢ়ায় বুলি সংবাদ মাধ্যমৰ আগত আগবঢ়াইছিল তাৎপৰ্যপূৰ্ণ মন্তব্য ৷

লগতে পঢ়ক : Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.