ETV Bharat / state

বসন্তৰ ন-কুঁহিপাতত আনন্দৰ জোৱাৰ

author img

By

Published : Apr 5, 2019, 9:36 AM IST

মুগা পলু

বসন্তৰ আগমনে সুখৰ বন্যা কঢ়িয়াইছে ঢকুৱাখনাবাসীলৈ ৷ বসন্তৰ ন-কুঁহিপাতত প্ৰাণ পাই উঠিছে প্ৰত্যেকজন কৃষকৰ মন ৷

ঢকুৱাখনা,5 এপ্ৰিলঃ মুগা পালনৰ লগত জড়িত ঢকুৱাখনাৰ ৯০ শতাংশ লোক ৷ মুগা পালন কৰিয়েই পৰিয়ালৰ পোহ-পাল দিয়ে অঞ্চলটোৰ বিভিন্ন লোকে ৷ সেয়ে বসন্তৰ ন কুঁহিপাতে এই সকল মুগা পালকক দিয়ে আশাৰ বতৰা । চোম,সোৱালু,বনচোম,পাতিসুন্দা আদি গছত ওলোৱা ন-কুঁহিপাত এই মুগা পলুৰ অন্যতম খাদ্য ৷

মুগা পালন

গতিকে গছ-বিৰিখত ন-কুঁহিপাত মেলাৰ লগেই-লগেই আৰম্ভ হয় কৃষকৰ মুগা পালন ৷ বসন্ততে পালন কৰা হয় বাণিজ্যকৰণৰ বাবে পালন কৰা জেঠুৱা মুগা। ইয়াৰ পিছতে পৰ্যায় ক্ৰমে পালন কৰা হয় এহেৰুৱা, ভদিয়া, কটীয়া ,জাওৰুৱা আদি । ইয়াৰে জেঠুৱা আৰু কটীয়া মুগা বাণিজ্যকৰণৰ বাবে পালন কৰাৰ বিপৰীতে বাকী এহেৰুৱা, ভদিয়া, আৰু জাওঁৰুৱা পালন কৰা হয় সঁচৰ বাবে। সেয়ে এই বসন্তৰ বতৰা পাই ঢকুৱাখনা কৃষকে মুগা চোমনিত ব্যস্ততাৰে আৰম্ভ কৰিছে মুগা পালন প্ৰক্ৰিয়া ।

Intro:এতিয়া বসন্ত।গছ-বিৰিখত ন কুঁহিপাত।এই ন কুঁহিপাতে ঢকুৱাখনা কৃষকলৈ আনিছে আশাৰ বতৰা।চাওঁ আহক আমাৰ এক প্ৰতিবেদন।Body:ঢকুৱাখনা:ৰেচম শিল্পত চহকী ঢকুৱাখনা।এৰী,পাটৰ লগতে বিশেষকৈ মুগা পালনত জড়িত ঢকুৱাখনাৰ প্ৰতিজন কৃষকলৈ বসন্তৰ ন- কুঁহিপাতে আনে আশাৰ বতৰা।কাৰণ ঢকুৱাখনাৰ ৯০ শতাংশ লোকেই মুগা পালনৰ লগত জড়িত।ঢকুৱাখনাৰ বহু লোকৰ মুগা পালন অন্যতম কৃষি কৰ্ম।এই মুগা পালন কৰিয়ে বহুতেই দিয়ে পৰিয়াল পোহপাল।সেয়ে বসন্তৰ ন কুঁহিপাতে এই সকল মুগা পালকক দিয়ে আশাৰ বতৰা।বসন্তৰ আগমনৰ লগে লগে আন আন গছ বিৰিখৰ লগতে মুগা খাদ্য গছ চোম,সোৱালু,বনচোম,পাতিসুন্দা আদি গছত দেখা যায় ন-কুঁহিপাত।বিৰিখত এই ন কুঁহিপাত মেলা মেলাৰ লগে লগে আৰম্ভ হয় বছৰৰ মুগা পালন।বসন্ততে পালন কৰা হয় বাণিজ্যকৰণৰ বাবে পালন কৰা জেঠুৱা মুগা।ইয়াৰ পিছতে পয্যায় ক্ৰমে পালন কৰা হয় এহেৰুৱা, ভদিয়া, কটীয়া ,জাওঁৰুৱা আদি।ইয়াৰে জেঠুৱা আৰু কটীয়া বাণিজ্যিক ৰণৰ বাবে পালন কৰাৰ বিপৰীতে বাকী এহেৰুৱা, ভদিয়া, আৰু জাওঁৰুৱা পালন কৰা হয় সঁচৰ বাবে।সেয়ে এই বসন্তৰ বতৰা পাই ঢকুৱাখনা কৃষকে মুগা চোমণিত ব্যস্ততাৰে আৰম্ভ কৰিছে মুগা পালন।Conclusion:Byte:মুগা পুলক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.