ETV Bharat / state

প্ৰবীণ বিজেপি নেতা ৰাও গজেন্দ্র সিঙৰ আকস্মিক বিয়োগ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:19 PM IST

BJP leader Rao Gajendra Singh
প্ৰবীণ বিজেপি নেতা ৰাও গজেন্দ্র সিঙৰ আকস্মিক বিয়োগ

BJP leader Rao Gajendra Singh : প্ৰবীণ বিজেপি নেতা তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰাক্তন সদস্য ৰাও গজেন্দ্ৰ সিঙৰ আকস্মিক বিয়োগ ৷ হৃদৰোগত আক্ৰান্ত সিঙৰ লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

প্ৰবীণ বিজেপি নেতা ৰাও গজেন্দ্র সিঙৰ আকস্মিক বিয়োগ

লখিমপুৰ, ১৬ নৱেম্বৰ : বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰাক্তন সদস্য তথা লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি ৰাও গজেন্দ্ৰ সিঙৰ আকস্মিক বিয়োগ । বৃহস্পতিবাৰে বিয়লি হঠাৎ তেওঁ হৃদৰোগত আক্ৰান্ত হৈ পৰে আৰু ততাতৈয়াকৈ আৰোগ্য হাস্পতালত ভৰ্তি কৰোৱাৰ পাচত লখিমপুৰ মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

লখিমপুৰ বিজেপিৰ প্ৰাক্তন সভাপতি, ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰাক্তন সদস্য সিঙৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰত । উল্লেখ্য যে, বিজেপি দল নিশকটীয়া হৈ থকাৰ সময়তে তেওঁ জিলাখনত দলটোক নেতৃত্ব দিছিল । দুবাৰকৈ তেওঁ বিজেপিৰ জিলা সভাপতিৰ দায়িত্ব বহন কৰিছিল ।

দলীয় টিকট লৈ গজেন্দ্ৰ সিঙে নাওবৈচা সমষ্টিৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয় বৰণ কৰিছিল । পৰৱৰ্তী সময়ত দলে তেওঁক টিকট নিদিয়াত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও পুনৰ পৰাজয়বৰণ কৰে । নিৰ্দলীয় হিচাবে তেওঁ প্ৰতিদ্বন্দিতা কৰা বাবে দলে তেওঁক দলৰ পৰা কিছুদিনৰ বাবে বিতাৰণ কৰিছিল ।

কিন্তু চলিত বৰ্ষৰ পাঁচ অক্টোবৰত তেওঁ পুনৰ বিজেপিত যোগদান কৰে । দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, সাংসদ পল্লৱ লোচন দাস, মন্ত্ৰী বিমল বৰা, সঞ্জয় কিষাণ, ৰূপেশ গোৱালা আদিৰ উপস্থিতিত দলৰ ৰাজ্যিক কাৰ্যালয়ত তেওঁ বিজেপিত পুনৰ যোগদান কৰে ।

ৰাওৰ মৃত্যুত বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় ভূঞা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদিয়ে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰক এৰি থৈ যায় । উল্লেখ্য শুকুৰবাৰেহে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই জানিবলৈ দিছে ।

লখিমপুৰ মেডিকেল কলেজৰ পৰা শুকুৰবাৰে তেওঁৰ নশ্বৰদেহ জিলা বিজেপিৰ কাৰ্যালয়লৈ নি দলীয়ভাৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচত স্বগৃহলৈ নি শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিবপৰা গৈছে ।

লগতে পঢ়ক : Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.