ETV Bharat / state

লখিমপুৰত এমাহতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২২ গৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:17 PM IST

Road accident in Lakhimpur
লখিমপুৰত পথ সুৰক্ষাৰ নিয়ম উলংঘা

Lakhimpur road accident cases rise: দেৰগাঁঁৱৰ শোকাবহ দুৰ্ঘটনাই সমগ্র ৰাজ্যত নৱবৰ্ষৰ আনন্দ উলাহ সেমেকাই তুলিছে । পথ দুৰ্ঘটনাত এনেদৰে জিলাই জিলাই অসংখ্য জনে প্ৰাণ হেৰুৱাইছে। বিভিন্ন জিলাৰ দৰে লখিমপুৰ জিলাতো দুৰ্ঘটনাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।

লখিমপুৰত পথ সুৰক্ষাৰ নিয়ম উলংঘা

লখিমপুৰ, ৯ জানুৱাৰী : লখিমপুৰত পথ সুৰক্ষাৰ নিয়ম উলংঘা,মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই বৃদ্ধি পাইছে দুৰ্ঘটনা । দুৰ্ঘটনাত বহু লোকৰ জীৱন বন্তি নিৰ্বাপিত হোৱাৰ লগতে বহুতো লোক ঘূণীয়া হৈ পৰিছে । সংশ্লিষ্ট বিভাগৰ তথ্য অনুসৰি বিগত বৰ্ষৰ ডিচেম্বৰত জিলাখনত ৩১ টা দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ ভিতৰত ২২ গৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে । ২০২৩ বৰ্ষত জিলাখনত ১২২ টা প্ৰাণঘাতক দুৰ্ঘটনা আৰু ১৪৯ টা সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হোৱা দুৰ্ঘটনা সংঘটিত হয় ।

তেনেদৰে ২০২২ বৰ্ষত ১৩০ টা প্ৰাণঘাতক আৰু ১৩৬ টা সাধাৰণভাৱে আঘাত হোৱা দুৰ্ঘটনা সংঘটিত হয় । বিগত বৰ্ষত এনেদৰে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৪১ জন লোকৰ পৰিয়াললৈ চৰকাৰী বিধি অনুসৰি সাহায্য আগবঢ়োৱা হয় । চালকসকলে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ উলংঘা কৰি তীব্র বেগৰ লগতে মদ্যপান কৰি দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ বাবেই বেছিভাগ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

মদ্যপান কৰি গাড়ী চলোৱা কাৰ্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী বিভাগে জিলাখনৰ বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰি নিয়মীয়া পৰীক্ষণ অব্যাহত ৰাখিছে যদিও যিবোৰ স্থানত তালাচী চকী নাই তেনেস্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে । এইক্ষেত্ৰত জনসাধাৰণ অধিক সজাগ হোৱাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক বিশেষ সহযোগিতা আগবঢ়াব লাগে বুলি অলপতে অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভাই মত পোষণ কৰে । অভিভাৱকসকলক সন্তানক দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে চকু দিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে আহ্বান জনাইছে । পেট্ৰ'ল পাম্প সমূহক হেলমেট পৰিধান নকৰা ব্যক্তিক তেল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । অন্যথা পেট্ৰ'ল পাম্পসমূহে জৰিমনা ভৰিব লাগিব ।

সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে জিলা প্ৰশাসন কঠোৰ হবলৈ মত পোষণ কৰিছে । আৰক্ষী বিভাগে যাতে সুৰাপায়ী গাড়ীচালক সকলক সহজে চিনাক্ত কৰি জৰিমনা বিহিব পাৰে তাৰ বাবে তালাচী চকীৰ লগতে বনভোজ থলীত গাড়ী চালকসকলৰ ক্ষেত্ৰত "ব্ৰেথ এনালাইজাৰ" ব্যবহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উত্তৰ লখিমপুৰ, বিহপুৰীয়া, নাৰায়ণপুৰ আৰু ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত পথসমূহত হঠাতে ই-ৰিক্সা চলাচলৰ মাত্ৰা বৃদ্ধি পোৱা আৰু যাতায়তৰ ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি কৰা বিষয়টো জিলা পথ সুৰক্ষা সমিতিৰ দৃষ্টিগোচৰ হৈছে । এই ই-ৰিক্সা সমূহে দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত পথচাৰীযে মৃত্যু পৰ্যন্ত আঁকোৱালি ল’বলগীয়া হৈছে ।

এনেদৰে ই-ৰিক্সাসমূহে জনসাধাৰণৰ মাজত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে । দেখা গৈছে যে পৌৰসভা এলেকাৰ পথ, উপ-পথ সমূহত ই-ৰিক্সা চলোৱাটোও ৰাজহুৱা পথচাৰী, ছাত্ৰ-ছাত্ৰী আৰু পদপথ ব্যৱসায়ীসকলৰ সুৰক্ষাৰ বাবে বিপদজনক হৈ পৰিছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে জিলা পৰিবহণ বিষয়া আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনা কৰি পৌৰ এলেকাত ই-ৰিক্সা চলাচল সন্দৰ্ভত এক নিৰ্দেশনা জাৰী কৰিবলৈ নিৰ্দেশ দিয়ে । যিবোৰ স্থানৰ পথত গতিৰোধকৰ প্ৰয়োজন সেইবোৰ স্থানতো গতিৰোধকৰ ব্যৱস্থা, প্ৰয়োজনীয় নিৰ্দেশনা, আৰু দুৰ্ঘটনা হোৱা ঠাইত অতীতত ঘটা দুৰ্ঘটনাৰ তথ্য সম্বলিত ফলক আঁৰিবলৈ পথ সুৰক্ষা সমিতিয়ে আলোচনা কৰে । কোনো দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী বিভাগক খবৰ দিবলৈ হ'লে লখিমপুৰবাসীয়ে আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ৬০২৬৯০০৮৬১ ত জনাব পাৰিব । এই ফোন নম্বৰটো কেৱল দুৰ্ঘটনা সম্পৰ্কীয় বিষয়তহে ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক:বেলট বক্স সলনি কৰাৰ অভিযোগত নিশা উত্তপ্ত ডিমা হাছাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.