ETV Bharat / state

অভিশপ্ত নিমাতী কাণ্ডৰ এবছৰ: স্বামীহাৰা ৰূপৰেখাৰ দুচকুত এতিয়াও মৃত্যু বিভীষিকা

author img

By

Published : Sep 8, 2022, 2:06 PM IST

Lakhimpur
Lakhimpur

আজিও আতংকত শিয়ৰি উঠে দুৰ্ঘটনাত স্বামীক হেৰুওৱা লখিমপুৰৰ ৰূপৰেখা বৰাই । চকুৰ সন্মুখতে স্বামীসহ কেইবাজনো লোক পানীত ককবকাই থকা দেখা ৰূপৰেখাই আজিও শান্তিৰে শুৱ নোৱাৰে । দুচকু মুদিলেই ভাহি আহে উক্ত বিভীষিকাময় দৃশ্যৰাজি (Recall of dieadfull experience of deceased wife in nimati tragedy) ।

লখিমপুৰ, ৮ ছেপ্টেম্বৰ : আজি ৮ ছেপ্টেম্বৰ । অসমৰ ইতিহাসৰ এক ক'লা দিন । কিয়নো ২০২১ চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল ৰাজ্য তথা সমগ্র দেশক কঁপাই যোৱা নিমাতীৰ ভয়াৱহ ফেৰী দুৰ্ঘটনা (Nimatighat ferry accident) । উক্ত মৰ্মান্তিক ঘটনাৰ আজি এবছৰ পূৰ্ণ হ'ল । উক্ত দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তিনিগৰাকী দুৰ্ভগীয়াৰ ভিতৰৰ এগৰাকী আছিল লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰা । চকুৰ সন্মুখতে তেওঁৰ পত্নী ৰূপৰেখা বৰাই দেখিছিল উক্ত ভয়াৱহ দৃশ্য (Majuli ferry accident) ।

যাৰ বাবে আজিও আতংকত শিয়ৰি উঠে দুৰ্ঘটনাত স্বামীক হেৰুওৱা লখিমপুৰৰ ৰূপৰেখা বৰাই । চকুৰ সন্মুখতে স্বামীসহ কেইবাজনো লোক পানীত ককবকাই থকা দেখা ৰূপৰেখাই আজিও শান্তিৰে শুৱ নোৱাৰে । দুচকু মুদিলেই ভাহি আহে উক্ত বিভীষিকাময় দৃশ্যৰাজি (Indreswar Bora died in Majuli ferry accident) ।

স্বামীক হেৰুৱাই আজন্ম দুখত পতিত ৰূপৰেখাই চকুলোৰে আজিও বাট নেদেখা হৈ আছে । সমগ্র দেশ কঁপাই যোৱা উক্ত ঘটনাৰ এবছৰ পূৰ্ণ হোৱা দিনটোত স্বামীৰ প্ৰতিচ্ছবিত ধূপ-চাকি জ্বলাই উচুপিছে ৰূপৰেখাই । উক্ত বিভীষিকাময় ঘটনাৰ এবছৰ নৌহওঁতেই বুধবাৰে তেনে কাণ্ডৰ পুনৰাবৃত্তি ঘটাৰ উপক্ৰম হৈছিল । যাৰবাবে পুনৰ সকলোৰে মনত সজীব হৈ উঠে এবছৰ পূৰ্বৰ উক্ত ভয়াৱহ দৃশ্যপট (Recall of dieadfull experience of deceased wife in nimati tragedy) । আনহাতে, এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তেওঁৰ দৰে দ্বিতীয় এগৰাকীয়ে যাতে এনে যন্ত্রণা ভোগ কৰিব নালাগে তাৰবাবে নিখুঁত ব্যবস্থা ল'বলৈ চৰকাৰক আহ্বান জনালে ৰূপৰেখাই ।

উল্লেখ্য, ২০২১ চনৰ ৮ ছেপ্টেম্বৰত বেলি লহিয়াবলৈ ধৰোঁতেই নিমাতীঘাটত বৰলুইতৰ বুকুত অৱস্থান কৰিছিল কালে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানী ফালি আগবাঢ়িছিল দুখন ফেৰী (Ferry accident on Brahmaputra in Majuli) ৷ দুয়োখন আহিছিল বিপৰীত দিশৰ পৰা ৷ এখন মাজুলীৰ পৰা নিমাতীঘাটলৈ আৰু আনখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি আছিল টিপকাই নামৰ ফেৰীখন ৷ কিন্তু হঠাৎ সকলো খেলিমেলি হৈ যায় ৷ ভৰা লুইতৰ বুকুত দুৰ্ঘটনাত পতিত হয় দুয়োখন ফেৰী ৷

দুয়োখন ফেৰীৰ মুখামুখী সংঘৰ্ষৰ ফলত ভাঙি দুটুকুৰা হয় মা কমলা নামৰ ফেৰীখন (ferry collision at Nimatighat) ৷ দুয়োখন ফেৰীতে আছিল শতাধিক যাত্ৰীৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ সংঘৰ্ষৰ পাচতে নৈৰ বুকুত ছিটিকি পৰে যাত্ৰীসকল ৷ একাংশই প্ৰাণটাকি সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও বহুতেই নিজক বচাব নোৱাৰি ডুব যায় লুইতৰ বুকুত ৷ বৰ লুইতৰ বুকুৰ পৰা কাল সন্ধিয়া ভাঁহি আহে মৰণমুখী মানুহৰ আৰ্তনাদ ৷ঘটনাৰ পাচতেই এছ ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ প্ৰায় 40 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও আৰু প্ৰায় অৰ্ধশতাধিক যাত্ৰী সন্ধানহীন হৈ পৰে নদীৰ বুকুত ৷ ইয়াৰ মাজতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তোলে ৷ পৰৱৰ্তী সময়ত আন দুগৰাকী ব্যক্তিৰ মৃতদেহ পৃথক স্থানৰ পৰা উদ্ধাৰ কৰা হয় ।

উল্লেখ্য, নিহত যুৱতীগৰাকী আছিল মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ত মৃত্যুৰ ৭ মাহ পূৰ্বে প্ৰবক্তা হিচাপে যোগদান কৰা পৰিমিতা দাস । পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত ৷ আনহাতে, দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰা আন দুগৰাকী ব্যক্তি হৈছে নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা আৰু গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা ।

লগতে পঢ়ক :মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ ! নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.