ETV Bharat / state

General meeting of AASU: লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

author img

By

Published : Nov 6, 2022, 1:40 PM IST

General meeting of AASU
লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

লখিমপুৰত আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ (AASU Central General Meeting) আয়োজন কৰা হৈছে । ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হ'ব এই সভাখনৰ বাবে সাজু কৰা হৈছে পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্র ।

লখিমপুৰ, ৬ নবেম্বৰ: অহা ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা (AASU Central General Meeting)। যাৰবাবে সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । এই সাধাৰণ সভাখনত শদিয়াৰ পৰা ধুবুৰীলৈকে পাঁচ হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । তদুপৰি ছাত্র সন্থাৰ কেন্দ্রীয় নেতৃত্ব,ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ বৰেণ্য ব্যক্তিসকলে অংশগ্রহণ কৰিব বুলি সন্থাৰ আয়োজক সমিতিয়ে সদৰি কৰিছে । ইতিমধ্য়ে এই সভাখনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে ।

লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত

উল্লেখ্য় যে, লখিমপুৰ নগৰৰ মাজ মজিয়াত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই সাধাৰণ সভাখন (Padmanath Gohainbaruah Field at Lakhimpur) । ইতিমধ্যে আদৰণি তোৰণ, মূল মণ্ডপ, একেলগে পাঁচ হেজাৰ লোকে খাব পৰাকৈ খাদ্য গৃহ আদিৰ নিৰ্মাণ দ্ৰুত গতিত চলিছে । মূল অভ্যৰ্থনা সমিতিৰ লগতে বহুকেইখন উপ-সমিতি গঠন কৰি সাধাৰণ সভাখন সফল কৰিবলৈ আছুৱে (All Assam Student Union) প্ৰস্তুতি আৰম্ভ কৰিছে ।

উক্ত সভাত অংশগ্রহণ কৰিব আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ৰাজ্যৰ শিক্ষা, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্রলৈ বৰঙণি যোগোৱা কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে । বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি সভা অনুষ্ঠিত হ'ব বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে ।

এই সন্দৰ্ভত আছুৰ নেতা তথা আয়োজকসকলে কয় যে, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৰ্ণিল শোভাযাত্রাও উলিওৱা হ'ব । উক্ত শোভাযাত্রাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলন ঘটিব । তদুপৰি সভা উপলক্ষে ছাত্র-ছাত্রীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।

তিনিদিনীয়া কাৰ্যসূচীত গ্ৰন্থমেলা, সাংস্কৃতিক অনুষ্ঠান, মুকলি সভাৰ লগতে বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । আছুৰ এই সভাত সংগঠনটোৱে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিব । আগন্তুক দিনত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হ'ব । আছুৰ কেন্দ্ৰীয় নেতাসকলে বিভিন্ন বিষয়তো সংগঠনটোৰ অন্যান্য নেতা-কৰ্মীসকলক সম্বোধন কৰিব ।

লগতে পঢ়ক:AASU general meeting : লখিমপুৰত আছুৰ কেন্দ্ৰীয় সভাৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.