ETV Bharat / state

AASU general meeting : লখিমপুৰত আছুৰ কেন্দ্ৰীয় সভাৰ লাইখুঁটা স্থাপন

author img

By

Published : Oct 30, 2022, 10:13 PM IST

AASU
লখিমপুৰত আছুৰ কেন্দ্ৰীয় সভাৰ লাইখুঁটা স্থাপন

লখিমপুৰত অনুষ্ঠিত হ'ব আছুৰ কেন্দ্ৰীয় সভা(AASU central general meeting)। অহা ১২ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই সভা । দেওবাৰে এই সভাৰ লাইখুঁটা স্থাপন কৰা হয় ।

লখিমপুৰ, ৩০ অক্টোবৰ : অহা ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা (AASU Central General Meeting)। যাৰবাবে সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । আছুৰ এই বিশাল সভাৰ লগত সংগতি ৰাখি দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় (Laikhuta laying program of AASU)। লাইখুঁটা স্থাপনৰ কাৰ্যসূচীত আছুৰে কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে জিলাখনৰ কেইবাগৰাকী শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লখিমপুৰ নগৰৰ খেলপথাৰত আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰা হয় । মূল অভ্যৰ্থনা সমিতিৰ লগতে বহুকেইখন উপ-সমিতি গঠন কৰি সাধাৰণ সভাখন সফল কৰিবলৈ ইতিমধ্যে আছুৱে (All Assam Student Union) প্ৰস্তুতি আৰম্ভ কৰিছে । লখিমপুৰ জিলা ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই কেন্দ্ৰীয় সভাখনৰ তিনি দিনীয়া কাৰ্যসূচীত সমগ্র ৰাজ্যৰ কেইবা হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব ।

তিনিদিনীয়া কাৰ্যসূচীত গ্ৰন্থমেলা, সাংস্কৃতিক অনুষ্ঠান, মুকলি সভাৰ লগতে বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । আছুৰ এই সভাত সংগঠনটোৱে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিব । আগন্তুক দিনত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হ'ব । আছুৰ কেন্দ্ৰীয় নেতাসকলে বিভিন্ন বিষয়ত সংগঠনটোৰ অন্যান্য নেতা-কৰ্মীসকলক সম্বোধন কৰিব ।

লখিমপুৰত আছুৰ কেন্দ্ৰীয় সভাৰ লাইখুঁটা স্থাপন

জানিব পৰা মতে সদৌ অসম ছাত্ৰ সন্থাই এই সভাতে আগন্তুক ৰণনীতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব । সদৌ অসম ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় সভালৈ অসমৰ জনসাধাৰণৰো দৃষ্টি থাকিব । আছুৰ লখিমপুৰ জিলা সমিতিয়ে আশা কৰা মতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা আছুৰ প্ৰতিনিধিসকলক তেওঁলোকে আদৰিবলৈ সাজু হৈছে । অভ্যৰ্থনা সমিতিয়ে সাধাৰণ সভাখন সফল কৰাৰ বাবে লখিমপুৰবাসীৰ লগতে লগতে ৰাজ্যবাসীৰ সহযোগিতা বিচাৰিছে আছুৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক :Himanta Biswa Sarma: পুৰণি বিদ্যালয়সমূহক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.