ETV Bharat / state

বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত বিহপুৰীয়াৰ মৃৎশিল্পী

author img

By

Published : Sep 10, 2022, 12:21 PM IST

বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত বিহপুৰীয়াৰ মৃৎশিল্পী
বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত বিহপুৰীয়াৰ মৃৎশিল্পী

বিশ্বকৰ্মা পূজালৈ মাজত ৬ দিন বাকী । পূজাক লৈ ৰাজ্যত চলিছে ব্যাপক প্ৰস্তুতি (Vishwakarma Puja preparation in Assam)। প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল । চৰকাৰী সাহায্য নোপোৱাত কিছু অসুবিধাৰ সন্মুখীন শিল্পীসকল ।

বিহপুৰীয়া,১০ ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজা সমাগত (Vishwakarma Puja 2022)। পূজালৈ মাজত মাত্ৰ ৬ টা দিন বাকী আছে । সকলোৱে উৎসাহেৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । সমগ্ৰ ৰাজ্যতে চলিছে বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াতো দেখা গৈছে বিশ্বকৰ্মা পূজাক লৈ বিশেষ ব্যস্ততা । বিশেষকৈ মৃৎশিল্পীসকল অধিক ব্যস্ত হোৱা দেখা গৈছে । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰ পৰিয়ালো (Potters busy making idols in Bihpuria)।

বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত বিহপুৰীয়াৰ মৃৎশিল্পী

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত ২-৩ বছৰ ধৰি ৰাইজে উলহ-মালহেৰে এই পূজা পালন কৰিব পৰা নাছিল । বিগত বছৰ পৰিৱেশ কিছু সুস্থিৰ হৈছিল যদিও অৰ্থনৈতিক অৱস্থাৰ বাবে ৰাইজে ব্যাপকভাৱে বিশ্বকৰ্মা পূজা পালন কৰিব পৰা নাছিল । অৱশ্যে এইবাৰ ক'ভিডৰ পৰিৱেশো নাই (Covid situation)। সেয়ে ৰাইজে অধিক আগ্ৰহেৰে পূজালৈ বাট চাই আছে ।

সমান্তৰলাকৈ পৰিৱেশ সুস্থিৰ হোৱাৰ বাবে মৃৎশিল্পীসকলো আনন্দিত হৈছে । কিয়নো বিগত বছৰ কেইটাত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল মৃৎশিল্পীসকল । এইবাৰ অৱশ্যে তেওঁলোকে আগতীয়াকৈয়ে ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে ।

সেয়ে বিগত ২-৩ বছৰত লোকচানৰ সন্মুখীন হোৱা বিহপুৰীয়াৰ মৃৎশিল্পীসকলো এইবেলি দুগুণ উৎসাহেৰে মূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছে । বিহপুৰীয়াৰ মৃৎশিল্পী উত্তম পাল আৰু তেওঁৰ সহযোগীসকল দিনে নিশাই মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে । অৱশ্যে ইয়াৰ মাজতো হতাশাত ভুগিছে তেওঁলোক । কিয়নো কষ্টৰ সমান্তৰালকৈ মূৰ্তিসমূহৰ নাপায় উচিত মূল্য । তেওঁলোকৰ মতে আন আন মূল্যবৃদ্ধিৰ বিপৰীতে কিন্তু বৃদ্ধি পোৱা নাই মূৰ্তিৰ মূল্য ।

উত্তম পালে জনোৱা মতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰতিমা নিৰ্মাণৰ কামত সম্প্ৰতি পৰিয়ালৰ লগতে দিনে নিশাই নিয়োজিত হৈ আছে ৮-৯ জনকৈ লোক । উল্লেখ্য যে, বংশগতভাৱে প্ৰতিমা নিৰ্মাণৰ কাম জড়িত হৈ আহিছে উত্তম পালৰ পৰিয়াল । তেওঁৰ পৰিয়ালৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰো উপাৰ্জনৰ একমাত্ৰ ভৰষা এয়া । কিন্তু ক'ভিড পৰিস্থিতিৰ ফলত জুৰুলা হোৱা মৃৎশিল্পীসকলে চৰকাৰৰ পৰা কোনো সাহায্য নোপোৱাত সংবাদমাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিছে উত্তম পাল আৰু আন শিল্পীসকলে ।

লগতে পঢ়ক :নীটত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.