ETV Bharat / city

নীটত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

author img

By

Published : Sep 10, 2022, 8:20 AM IST

Updated : Sep 10, 2022, 8:57 AM IST

নীটত (NIIT) সফলতা পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্বনৰ ছাত্ৰ-ছাত্ৰীৰ ৷ শুকুৰবাৰে গুৱাহাটীৰ সৈনিক ভৱনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ।

Students felicitation program by Potential and Concept Education
নীটত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

গুৱাহাটী, 10 ছেপ্টেম্বৰ: বিগত জুলাই মাহত অনুষ্ঠিত হোৱা মেডিকেলৰ স্নাতক মহলাত নামভৰ্তি পৰীক্ষা (নীট)ৰ সদ্যঘোষিত ফলাফলত সফলতা অৰ্জন কৰিছে পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ শিক্ষাৰ্থীয়ে ।

পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্বনৰ ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬০০ তকৈ অধিক নম্বৰ লাভ কৰাৰ সমান্তৰালকৈ ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৫০০ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

যাৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ সৈনিক ভৱনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেশ্বন কৰ্তৃপক্ষই (Potential and Concept Education) প্ৰতিষ্ঠানটোৰ ২৫০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মেডিকেল কলেজত প্ৰৱেশ কৰিব বুলি আশা প্ৰকাশ কৰিছে । সম্বৰ্ধনা অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত কয় যে শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা কঠোৰ পৰিশ্ৰম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চেষ্টাৰ ফলত এই ফলাফল সম্ভৱ হ'ল ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস

Last Updated :Sep 10, 2022, 8:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.