ETV Bharat / state

By election at Lakhimpur municipality: পৌৰসভাৰ এটা ৱাৰ্ডত পুনৰ উপ নির্বাচন !

author img

By

Published : May 9, 2022, 4:35 PM IST

political party ready for lakhimpur municipal by election
লখিমপুৰ পৌৰসভাৰ উপ নির্বাচনৰ বাবে সাজু ৰাজনৈতিক দল

লখিমপুৰ পৌৰসভাৰ এটা ৱাৰ্ডত হ'ব উপ নির্বাচন(By election at Lakhimpur municipality) । সাত নম্বৰ ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰা অগপৰ প্ৰাৰ্থী অমিত বালুৰ কেইদিন মানৰ পূৰ্বে আকস্মিক বিয়োগ ঘটাত এতিয়া সাত নম্বৰ ৱাৰ্ডত পুনৰ উপ নির্বাচন হোৱাটো নিশ্চিত হৈ পৰিছে ।

লখিমপুৰ, ৯ মে': লখিমপুৰ পৌৰ সভাৰ সাত নম্বৰ ৱাৰ্ডত উপ-নির্বাচন হোৱাটো নিশ্চিত হৈ পৰিছে(By election at Lakhimpur municipality) । কিয়নো সাত নম্বৰ ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰা অগপৰ প্ৰাৰ্থী অমিত বালুৰ কেইদিন মান পূৰ্বে আকস্মিক বিয়োগ ঘটে । বিগত নিৰ্বাচনত পৌৰসভাখনৰ ২১ টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ১৯ টা ৱাৰ্ডত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে দুটা ৱাৰ্ড মিত্র দল অগপক এৰি দিছিল ।

অগপৰ এজন প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰাৰ বিপৰীতে সাত নম্বৰ ৱাৰ্ডত আনজন প্ৰাৰ্থী অমিত বালুৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । কিন্তু তেখেতৰ বিয়োগ ঘটাত ৱাৰ্ডটোত এতিয়া উপ-নিৰ্বাচন হোৱাতো নিশ্চিত হৈ পৰিছে (Lakhimpur municipality By election)। অৱশ্যে নিৰ্বাচন আয়োগে এই পৰ্যন্ত উপ-নির্বাচনৰ বাবে কোনো জাননী জাৰি কৰা নাই ।

লখিমপুৰ পৌৰসভাৰ উপ নির্বাচনৰ বাবে সাজু ৰাজনৈতিক দল

কিন্ত উপ-নির্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে সকলো দল । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই কয় যে বিগত নিৰ্বাচনত যিহেতু ৱাৰ্ডটো বিজেপিয়ে মিত্র দল অগপক এৰি দিছিল, সেয়েহে এতিয়াও উপ নিৰ্বাচনত বিজেপিয়ে ৱাৰ্ডটো অগপকে এৰি দিব ।

যদিহে অগপৰ উপযুক্ত প্ৰাৰ্থী নাথাকে বা দলটোৱে যুজিবলৈ ইচ্ছা নকৰে তেতিয়াহে বিজেপিয়ে নিজা প্ৰাৰ্থী ঠিয় কৰাব । লগতে বিজেপি অথবা মিত্র দলৰ প্ৰাৰ্থীয়ে উপ-নির্বাচনত বিজয় সাব্যস্ত কৰাটো নিশ্চিত বুলিও বৰুৱাই উল্লেখ কৰে ।

আনহাতে কংগ্রেছৰ জিলা সভাপতি গগন চন্দ্র বৰায়ো উপ-নির্বাচন হলে কংগ্রেছেও নিশ্চিত ভাৱে প্ৰাৰ্থী দি নিৰ্বাচনী যুঁজত নামিব বুলি উল্লেখ কৰে । অৱশ্যে এই নিৰ্বাচনে কি ফলাফল দেখুৱাই সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: মাতৃ দিৱস বুলি কোনো দিৱস নাই, ই পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ:মৃণালীনী দেৱী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.