ETV Bharat / state

জামুগুৰিত ব্ৰহ্মপুত্ৰত নিখোজ এজন শ্ৰমিক

author img

By

Published : Jun 11, 2021, 10:46 PM IST

One worker fallen on  Brahmaputra River At Jamuguri
জামুগুৰিত ব্ৰহ্মপুত্ৰত নিখোজ এজন শ্ৰমিক

ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত নিয়োজিত এজন শ্ৰমিক নিখোজ ৷ শ্ৰমিকসকলে উদ্ধাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত শুংসূত্ৰ ওলোৱা নাই শ্ৰমিকজনৰ ৷

বিহপুৰীয়া, 11 জুন : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত শুকুৰবাৰে বিয়লি সংঘটিত হয় এটা শোকাবহ ঘটনা সংঘটিত হয় ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত নিয়োজিত এজন ২৫ বছৰীয়া শ্ৰমিক ব্ৰহ্মপুত্ৰত নিখোজ হয় ৷ নিখোজ হোৱা শ্ৰমিক গৰাকী নাম প্ৰদীপ হাজৰিকা ৷ শ্ৰমিকজনৰ ঘৰ মাজুলীৰ শালমৰাত বুলি জানিব পৰা গৈছে । নদীৰ মাজলৈ গৈ জিঅ'বেগত মাটি ভৰাবলৈ গৈ থকা অৱস্থাত নাৱৰ পৰা পৰি যায় শ্ৰমিকজন ৷

জামুগুৰিত ব্ৰহ্মপুত্ৰত নিখোজ এজন শ্ৰমিক

ইফালে স্থানীয় ৰাইজৰ সহযোগত অন্য শ্ৰমিকসকলে উদ্বাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত শুংসূত্ৰ ওলোৱা নাই শ্ৰমিকজনৰ ৷ উক্ত ঘটনাটো অবগত কৰাত ঘটনাস্থলীত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা উপস্থিত হৈছে ।

উল্লেখ্য যে, একেখন গাঁৱৰে আন ১০ গৰাকী শ্ৰমিকৰ সৈতে খহনীয়া প্ৰতিৰোধৰ কামত ব্যস্ত আছিল শ্ৰমিকজন । এই ঘটনাৰ পিছতে সহযোগী শ্ৰমিকসকল কান্দোনত ভাঙি পৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীলৈ SDRFৰ দল ৰাওনা হৈছে বুলি জানিবপৰা গৈছে ৷

লগতে পঢ়ক-অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.