ETV Bharat / state

Lakhimpur porn video incident: লখিমপুৰত ভাইৰেল ভিডিঅ’ৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 13, 2023, 2:26 PM IST

বিগত দুদিনমান আগৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই তুমূল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে লখিমপুৰত । এই লৈ সকীয়নি দিছে জাগৃত নাৰী শক্তি সমিতিয়ে ।

Reaction over porn video incident in Lakhimpur
লখিমপুৰত ভাইৰেল ভিডিঅৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া

লখিমপুৰত ভাইৰেল ভিডিঅৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া

লখিমপুৰ, ১৩ আগষ্ট: সামাজিক মাধ্যমত যোৱা দুদিনমানৰ আগৰে পৰা ভাইৰেল হৈ পৰিছে এগৰাকী মহিলাৰ এটা ভিডিঅ’ । এগৰাকী মহিলাৰ এটা অশ্লীল ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে । সামাজিক মাধ্যমত মহিলাগৰাকী লখিমপুৰৰ বুলি প্ৰকাশ পাইছে ।

এগৰাকী মহিলা ইমান তললৈ নামিব পাৰে বুলি সৰ্বত্ৰে চৰ্চা চলিছে । উল্লেখ্য কিছু দিনৰ পূৰ্বে ৰাজ্যৰ একাধিক জিলাত মহিলা যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱা ঘটনা ঘটিছিল । এইবাৰ লখিমপুৰতো অনুৰূপ ঘটনা । মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে এনে অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে ।

এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাগৃত নাৰী শক্তি সমিতিয়ে । সমিতিৰ সম্পাদিকা মানসী ৰাজখোৱাই কয় এই কাৰ্য নিতান্তই গৰিহণা যোগ্য । শীঘ্ৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ তেওঁ দাবী জনায় । লিভ টুগেদাৰৰ দৰে কেতবোৰ ব্যৱস্থাই সমাজত অশান্তি বিয়পোৱা বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক: Jonai News: খৰি বুটলিবলৈ গৈ চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক, SDRF বাহিনীৰ উদ্ধাৰ অভিযান

অভিভাৱকসকলকো সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে কন্যা সন্তানৰ লগত বন্ধুত্বসুলভ আচৰণ কৰাৰ পোষকতা কৰি তেওঁ এনে ব্যৱস্থাৱলীয়ে অপকৰ্ম ৰোধ কৰাত সহায় কৰিব বুলি কয় । আইনগত কাৰণত সততে আৰক্ষীয়ে যি দৰে ব্যৱস্থা লৈ আহিছে তেনেদৰে সম্প্রতি ভাইৰেল হৈ পৰা এই ভিডিঅ সন্দৰ্ভতো ব্যৱস্থা ল’বলৈ জাগৃত নাৰী শক্তি সমিতিৰ সম্পাদিকা গৰাকীয়ে আৰক্ষীক দাবী জনায় ।

উল্লেখ্য যে, ৰাজ্যত যেন প্ৰতিদিনেই বৃদ্ধি পাই আহিছে অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ সংখ্যা । প্ৰায় কেইখন জিলাৰ পৰা ভাইৰেল হোৱা এনে ভিডিঅ’ই সমাজত বিৰূপ প্ৰভাৱ পেলোৱা বুলি সচেতন মহলে বাৰুকৈয়ে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: 77th Independence Day: জোৱান কুকিল দত্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব TRAINING AND ARMS বিভাগক অৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.