ETV Bharat / state

নদীবান্ধঃ পুনৰ অশান্ত হ'ব অসম !

author img

By

Published : Oct 16, 2019, 7:46 PM IST

প্ৰৱল জনমতক নেওচি আৰম্ভ হ'ল সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পৰ কাম ৷ ৰজ্যজুৰি বিৰোধিতা দল সংগঠনৰ ৷ অথলে গ'ল দল-সংগঠন আৰু জনতাৰ প্ৰতিবাদ ৷ মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে NHPC কতৃপক্ষই ৷ বান্ধ নিৰ্মানকাৰী NHPC কতৃপক্ষৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷

লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

লখিমপুৰ, গুৱাহাটী, 16 অক্টোবৰঃ প্ৰৱল জনমতক আওকাণ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে NHPC কতৃপক্ষই ৷ বৃহৎ নদীবান্ধ বিৰোধী দল-সংগঠনৰ লগতে ৰাইজৰ তীব্ৰ প্ৰতিবাদত সেও মানি 2011 চনৰ 16 ডিচেম্বৰৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ ৰাখিবলৈ বাধ্য হৈছিল NHPC কতৃপক্ষ ৷ ইতিমধ্যে, 50 শতাংশ কাম সম্পূৰ্ণ হোৱা বান্ধটোৰ নিৰ্মাণকাৰ্য দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল যদিও অৱশেষত মঙলবাৰৰ পৰা বান্ধৰ কাম পুনৰ আৰম্ভ কৰিলে NHPC কতৃপক্ষই ৷


দল-সংগঠনৰ প্ৰতিবাদ আৰু অসমীয়া ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি নদীবান্ধৰ কাম পুনৰ আৰম্ভ কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ বুধবাৰে বান্ধৰ কাম পুনৰ আৰম্ভ কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰম্ভণিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি অহা কৃষক নেতা অখিল গগৈ৷ NHPC কতৃপক্ষই নিজাববীয়াকৈ বান্ধ পুনঃ নিৰ্মাণৰ কাম বন্ধ নকৰিলে প্ৰৱল প্ৰতিৰোধ আন্দোলনৰ জৰিয়তে বান্ধৰ কাম বন্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে কৃষক নেতাগৰাকীয়ে৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈৰ প্ৰতিবদা


ইপিনে NHPC কতৃপক্ষই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাম পুনৰ আৰম্ভ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷ দল-সংগঠনৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ তথা বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক আওকাণ কৰি বান্ধৰ কাম পুনৰ আৰম্ভ কৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে নেতাগৰাকীয়ে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পলাশ চাংমাইৰ প্ৰতিবাদ


লখিমপুৰতো নামনি অংশত পৰিব পৰা প্ৰভাৱ সন্দৰ্ভত কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ বান্ধৰ কাম আৰম্ভ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ অতি সোনকালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ নকৰিলে হাতত অস্ত্ৰ তুলি হোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে ৷

লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ
Intro:নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নির্মাণকাৰ্য পুনৰ আৰম্ভ। দল সংগঠনৰ প্ৰতিবাদক নেওচি আৰম্ভ হল বৃহৎ নদীবান্ধৰ নিৰ্মান কাৰ্য।।নিৰ্মান কাৰ্য আৰম্ভ হোৱাৰ লগে লগে এতিয়া গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সেউজ ন্যায়াধীকৰণৰ সিদ্ধান্তত সন্তুষ্ট নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।


Body:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই দিছে হুংকাৰ। অতি শীঘ্ৰেই দল সংগঠনৰ লগত আলোচনা নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এখন বিশেষজ্ঞ কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ৰাজহুৱা নকৰাকৈ কাম আৰম্ভ কৰাটো সমৰ্থন নকৰে অসমৰ কোনো দল সংগঠনে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হোৱা বিদ্যুৎ অসমে নাপায় গতিকে বিদ্যুৎ ৰ সলনি জলবিদ্যুৎ প্ৰকল্পৰ পৰা হব লগা বিপদ অসমে লব নোৱাৰে বুলি কলে পলাশ চাংমাই। লখিমপুৰ ,ধেমাজিত আজিৰে পৰা আৰম্ভ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে আন্দোলন। কাইলৈৰ পৰা লখিমপুৰ ,ধেমাজি ,বিশ্বনাথ চাৰিআলি আদিকে ধৰি বহু স্থানত তীব্র আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।


Conclusion:কৰ্তৃপক্ষই 2023 ভিতৰত নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিলে আৰু লগতে 50 শতাংশ নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰাৰ কথা কলে NHPC য়ে। প্ৰায় নিৰ্মান কাৰ্য্য সম্পূৰ্ণ শেষ হোৱা নামনি সোৱণশিৰি জলবিদ্যুৎ ৰ কাৰ্য্য এতিয়া কিদৰে শেষ হব সেয়া লক্ষণীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.