ETV Bharat / state

২ কোটি ৫১ লাখ পুঁজিৰে বহুমুখী বান আশ্ৰয় গৃহৰ আধাৰশিলা স্থাপন

author img

By

Published : Oct 30, 2020, 5:15 PM IST

model flood relief camp's foundation stone at bihpuria
model flood relief camp's foundation stone at bihpuria

২ কোটি ৫১ লাখ টকা ব্যয়েৰে বিহপুৰীয়াৰ ধুনাগুৰিত শুভাৰম্ভ হ'ল বহুমুখী বান আশ্ৰয় গৃহৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে আশ্ৰয় গৃহৰ আধাৰশিলা ৷

বিহপুৰীয়া, 30 অক্টোবৰ : ৰাজ্যত পোন প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট আয়োগৰ অনুমোদনত শুভাৰম্ভ হ'ল বহুমুখী বান আশ্ৰয় গৃহৰ । বিহপুৰীয়াৰ ধুনাগুৰিত শিলান্যাস কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ২ কোটি ৫১ লাখ টকা ব্যয়েৰে ১০ মাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব ৪০০ বান বিধস্ত লোকে আশ্ৰয় ল’ব পৰা এই অত্যাধুনিক গৃহৰ ৷ বানত জুৰুলা হোৱা মানুহৰ লগতে, জীৱ জন্তু ৰাখিব পাৰিব এই গৃহত । প্ৰয়োজনত হেলিকপ্টাৰ যোগে খাদ্য যোগান ধৰাৰ বাবে দুমহলীয়া অত্যাধুনিক গৃহৰ ওপৰত থাকিব হেলিপেডৰ ব্যৱস্থা ।

২ কোটি ৫১ লাখ পুঁজিৰে বহুমুখী বান আশ্ৰয় গৃহৰ আধাৰশিলা স্থাপন

৫ হাজাৰ বৰ্গৰ এই গৃহত বান পানীৰ সময়ত আশ্ৰয় ল’ব পাৰিব নৈ পৰীয়া ৰাইজে । ২০১৯-২০ বৰ্ষত অনুমোদিত তিনিটা অত্যাধুনিক গৃহৰ প্ৰথমটোৰ শুভাৰম্ভ হ'ল শুকুৰবাৰে । এই গৃহই বান পীড়িত ৰাইজক দুখ-দুৰ্দশা কিছু হ’লেও সকাহ দিব বুলি ধাৰণা কৰা হৈছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কয় যে, কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বান-গৰাখহনীয়া সমস্যাৰ সমাধানৰ হেতু বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷

ইতিমধ্যে নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ আৰু উত্তৰ-পূৱৰ একো একো গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰি এখন সমিতি গঠন কৰা হৈছে ৷ এই সমিতিয়ে বান-গৰাখহনীয়া সমস্যাৰ সমাধানৰ হেতু বিশেষ প্ৰকল্প তৈয়াৰ কৰিব ৷ ইয়াৰোপৰিও পঞ্চদশ বিত্তীয় আয়োগে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিছে বুলি উল্লেখ কৰে সোণোৱালে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.