ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

author img

By

Published : Oct 30, 2020, 9:18 AM IST

টিংখাঙত নতুনকৈ নিৰ্মাণ হ’বলগীয়া এটা ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে চিন্তিত হৈ পৰিছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে স্থানীয় ৰাইজ ৷ মৰাণৰ পৰা মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথটো বহলিকৰণ কৰাৰ ফলত টিংখাঙৰ বৰ্তমানৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থল সম্পূৰ্ণ একাষৰীয়া হোৱাৰ লগতে টিংখাং আৰক্ষী থানা, টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, টিংখাং ৰাজ্যিক পশু চিকিৎসালয়কে ধৰি মুঠ 9 টা চৰকাৰী কাৰ্যালয় একাষৰীয়া হৈ পৰিব ।

Tingkhang people tensed for national highway
ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

টিংখাং,30 অক্টোবৰ : নতুনকৈ নিৰ্মাণ হ’বলগীয়া এটা ৰাষ্ট্ৰীয় ঘাইপথে নিদ্ৰাহৰণ কৰিছে টিংখাঙৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সৰ্বসাধাৰণ জনতাৰ । অসম মালাৰ অধীনত মৰাণৰ পৰা তিনিচুকীয়া জিলাৰ ডিগবৈ সংযোগী নিৰ্মাণ হ’বলগীয়া প্ৰায় 100 কিঃমিঃ দৈৰ্ঘৰ পথটোৰ জৰীপৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।

পথটোৰ প্ৰস্তাৱিত নক্সা অনুসৰি, মৰাণৰ পৰা মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথটো বহলিকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও টিংখাঙৰ পৰা প্ৰায় ডেৰ কিঃমিঃ দৈৰ্ঘৰ এটা অংশ মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ পৰা ফালৰি কাটি নতুনকৈ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে । এনেকুৱা হ’লে নিৰ্মাণ হ’বলগীয়া এই ধেনুভিৰীয়া পথছোৱাই টিংখাঙৰ বৰ্তমানৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থলটো সম্পূৰ্ণ একাষৰীয়া কৰি তুলিব । যাৰ ফলত অঞ্চলটোৰ শতাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

ইফালে এই বক্ৰ পথছোৱাৰ ফলত টিংখাং আৰক্ষী থানা, টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, টিংখাং ৰাজ্যিক পশু চিকিৎসালয়কে ধৰি মুঠ 9 টা চৰকাৰী কাৰ্যালয় একাষৰীয়া হৈ পৰিব । সেয়ে স্থানীয় ব্যৱসায়ী তথা সচেতন ৰাইজে গড়কাপ্তানি বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰস্তাৱিত বক্ৰ অংশৰ সলনি মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথটোকে বহলিকৰণ কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক : যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ পৰা কথমপি প্ৰাণ ৰক্ষা গাড়ীচালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.