ETV Bharat / state

লখিমপুৰত বিজেপিত যোগদান কৰিলে বহু কংগ্ৰেছীয়ে

author img

By

Published : Jun 8, 2022, 8:46 PM IST

Congress party workers join BJP in Lakhimpur
লখিমপুৰত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

লখিমপুৰ কংগ্ৰেছত ব্যাপক খহনীয়া ৷ বুধবাৰে দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান(Many Congress people join BJP in Lakhimpur) ৷ নতুনকৈ যোগদান কৰা আটাইকে বিজেপিলৈ উষ্ম আদৰণি জনালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই ।

লখিমপুৰ, 8 জুন : লখিমপুৰ কংগ্ৰেছত ব্যাপক খহনীয়া ৷ প্ৰধান বিৰোধী দল হিচাবে শক্তিশালী হোৱাৰ বিপৰীতে দলটো শক্তিহীন হোৱাৰ দিশে গতি কৰিছে ৷ কিয়নো কংগ্ৰেছ দল ত্যাগ কৰি বহু নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত ৷ এক প্ৰকাৰে যেন শূন্য হোৱাৰ দিশে গতি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ গৃহ জিলা লখিমপুৰ ।

Congress party workers join BJP in Lakhimpur
লখিমপুৰত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

বুধবাৰে প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত(Congress party workers join BJP in Lakhimpur)৷ লগতে বিজেপিত আনুষ্ঠানিকভাবৱে যোগ দিলে সদ্য পদত্যাগী লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়েও(President of Lakhimpur District Congress join BJP) । ইফালে লখিমপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি (Former Congress president of Lakhimpur municipality join BJP) কংগ্ৰেছৰ জীতেন গগৈয়েও আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

লখিমপুৰত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

ইফালে, নতুনকৈ যোগদান কৰা আটাইকে বিজেপিলৈ উষ্ম আদৰণি জনালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই । উল্লেখ্য যে, লখিমপুৰ জিলা পুথিভৰাঁলত বুধবাৰে আয়োজিত বিজেপিৰ দলীয় কাৰ্যকৰ্তা সন্মিলনত এনেদৰে কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ বিজেপিলৈ সোঁত বয় । দলটোত সৃষ্টি হোৱা এনে খহনীয়া ৰোধ কৰিবলৈ এতিয়া কংগ্ৰেছে কি কৌশল অৱলম্বন কৰে তাৰ ওপৰতে নিৰূপণ হ'ব জিলাখনত দলটোৰ ভবিষ্যৎ ।

লগতে পঢ়ক : কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.