ETV Bharat / state

Lakhimpur news : মৃত্যুদূতৰ লগতে অপকৰ্মৰো থলীলৈ পৰ্যবসিত লখিমপুৰ বাইপাচ

author img

By

Published : Aug 5, 2023, 2:01 PM IST

মৃত্যুদূতত পৰিণত লখিমপুৰৰ নৱ নিৰ্মিত বাইপাচ । একেদৰে কেতবোৰ অনৈতিক অপকৰ্মৰো থলী হৈ পৰাৰ গুৰুতৰ অভিযোগ ।

Lakhimpur bypass
মৃত্যুদূতত পৰিণত লখিমপুৰৰ নৱ নিৰ্মিত বাইপাচ

মৃত্যুদূতত পৰিণত লখিমপুৰৰ নৱ নিৰ্মিত বাইপাচ

লখিমপুৰ, 5 আগষ্ট : ক্ৰমাৎ মৃত্যুদূতত পৰিণত হৈছে লখিমপুৰৰ বাইপাচ । বিগত বৰ্ষৰ 16 ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল লখিমপুৰৰ মাজেৰে যোৱা প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘৰ বাইপাচটো । ঘুনাসূঁতি দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি মুখ্যমন্ত্রীগৰাকীয়ে আধাৰশিলা স্থাপনস্থলীৰ পৰাই আন কেইবাটাও আঁচনিৰ লগতে লখিমপুৰৰ বাইপাচটো ভাৰ্চুৱেলী উদ্বোধন কৰিছিল । পিছে উদ্বোধনৰ পাছৰে পৰা চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিছে বাইপাচটো । কিয়নো জিলাখনৰ ভিতৰত এতিয়া সৰ্বাধিক দুৰ্ঘটনাপ্ৰবণ পথ হিচাপে চিহ্নিত হৈছে এই বাইপাচটো ।

বাইপাচটোত সঘনাই সংঘটিত হ’বলৈ ধৰিছে ভয়ংকৰ দুৰ্ঘটনা । বহু যান বাহন চূৰমাৰ হোৱাৰ লগতে বহুতে প্ৰাণ হেৰুৱাইছে সংঘটিত হৈ যোৱা দুৰ্ঘটনাসমূহত । বাইপাচটোত মাহে তিনি-চাৰিজনৰ দুৰ্ঘটনাত মৃত্যু হোৱাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে । বাইপাচটোত যান-বাহনৰ তীব্র গতিৰ ফলতে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ইফালে কেৱল দুৰ্ঘটনাৰ বাবেই নহয়, কেতবোৰ অনৈতিক অপকৰ্মৰ বাবেও বাইপাচটোৰ নাম সঘনাই চৰ্চিত হ’বলৈ ধৰিছে । বাইপাচটোৰ বিভিন্ন স্থানত মদ-ভাং আদিৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ আড্ডাস্থলীলৈ পৰ্যবসিত হোৱা বুলিও স্থানীয় লোকে জানিবলৈ দিয়ে । বহু সময়ত মুকলিকৈয়ে নিষিদ্ধ দ্ৰব্য সেৱন কৰা দৃশ্য ও সুলভ হৈ পৰিছে বুলি কয় প্ৰত্যক্ষদৰ্শীয়ে । কিছুদিনৰ পূৰ্বে অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিবলৈ লোৱাৰ দৰে অবাঞ্চিত ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

বাইপাচটোত এনে কৰ্মকাণ্ডৰ লগতে সঘন দুৰ্ঘটনাৰ বাবে ৰাইজে ব্যৱস্থা গ্রহণ কৰাৰ বাবে প্ৰশাসন বা আৰক্ষী বিভাগক আহ্বান জনাইছে । বাইপাচ টোত যানবাহনৰ গতি নিয়ন্ত্রণৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে অনৈতিক কাম কাজ ৰোধ কৰিবলৈ এটা তহলদাৰী আৰক্ষীৰ দল নিয়োগ কৰিবলৈ কোঁচ ৰাজবংশী সংগ্রাম সমিতিয়ে আৰক্ষীক আহ্বান জনাইছে ।

লগতে পঢ়ক : Manipur violence : এতিয়াও শান্ত হোৱা নাই মণিপুৰ; গুলীচালনাত তিনিজনৰ মৃত্যু; ঘৰত অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.