ETV Bharat / state

কাৰাগাৰলৈ গ’ল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 7:20 PM IST

Lakhimpur BJP Leader Arrest
বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইনক গ্ৰেপ্তাৰ

বিজেপিৰ কাৰ্য়ালয়লৈ নহয়, এইবাৰ কাৰাগাৰলৈ গ’ল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইন । লখিমপুৰৰ চামচুল হুছেইনে চাকৰি দিম বুলি বহুতৰ পৰা টকা লোৱাৰ অভিযোগত অভিযুক্ত হৈছিল । যোৱানিশা লখিমপুৰৰ আৰক্ষীয়ে তেওক আটক কৰাৰ পাছত শনিবাৰে এগৰাকী দলৰে নেত্ৰীৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে ।

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইনক গ্ৰেপ্তাৰ

লখিমপুৰ, 16 ডিচেম্বৰ : অৱশেষত অৱধাৰিতভাৱে কাৰাগাৰলৈ গ'ল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইন । বিভিন্নজনৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত অভিযুক্ত আছিল চামচুল হুছেইন । এনে অভিযোগৰ ভিত্তিতে যোৱানিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে বিজেপি নেতাগৰাকীক আটক কৰে ।

উল্লেখ্য যে, চামচুল হুছেইনৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰা বুলি লখিমপুৰ নগৰৰ কেবি ৰোডৰ চেমিমা বেগম নামৰ মহিলাগৰাকীয়ে সদৰ থানাত এজাহাৰ দাখিল কৰিছিল । মহিলাগৰাকীৰ এজাহাৰ মৰ্মে সদৰ থানাত চামচুলৰ বিৰুদ্ধে ৪২৮/২০২৩ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৩৮৪ ধাৰাত এটা গোচৰ পঞ্জীয়ন হয় ।

উক্ত গোচৰ মৰ্মে আৰক্ষীয়ে চামচুলক গ্ৰেপ্তাৰ কৰি বিয়লি আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে চেমিমা বেগম হ’ল বিজেপিৰ লখিমপুৰৰ ১৩ নং ৱাৰ্ডৰ ৮৪ নং বুথৰ সভাপতি । তেওঁ তোলা অভিযোগ মতে চামচুলে কেৱল তেওঁৰ পৰাই নহয়, আন বহুতৰ পৰাও চাকৰি দিম বুলি টকা লৈছিল ।

মহিলাগৰাকীয়ে এজাহাৰ দিবলৈ যোৱাৰ সময়ত চাদিকুৰ ৰহমান নামৰ এজন লোকেও তেওঁৰ পৰা মেডিকেলত চাকৰি দিম বুলি চামচুলে ৫ লাখ টকা লোৱাৰ কথা কয় বুলি উল্লেখ কৰে । পাছত চাকৰি দিব নোৱাৰি উক্ত লোকজনক তিনি লাখ টকা ঘূৰাই দিয়ে যদিও দুই লাখ টকা আজিও ঘূৰাই দিয়া নাই বুলি তেওঁ কয় ।

দলৰ নেত্ৰীৰ অভিযোগত দলৰে নেতা গ্ৰেপ্তাৰ হোৱা ঘটনাই লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এইবোৰ দেখি-শুনি ৰাইজে জিলাখনত বিজেপিৰ শনি লাগিছে বুলিহে মন্তব্য কৰিছে । কিয়নো কেইদিনমানৰ পূৰ্বে ঠিকা ঠুকলি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ কেৰামত আলী । কেইদিনমানৰ ব্যৱধানত এইবাৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল চামচুল হুছেইন । লক্ষ্যণীয় কথাটো হ’ল, এনে দুৰ্নীতিৰ বিৰুদ্ধে সৱল পদক্ষেপ লৈছে বিধায়ক মানৱ ডেকাই । দলৰ সতীৰ্থ হ’লেও তেওঁ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বিপৰীতে কঠোৰ পদক্ষেপ লৈ আৰক্ষীক বাধাহীনভাৱে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈহে আহ্বান জনাইছে ।

লগতে পঢ়ক : লখিমপুৰৰ নৱ নিযুক্ত জিলা আয়ুক্তৰ ৰাইজৰ হকে কাম কৰাৰ আশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.