ETV Bharat / state

Protest at lakhimpur: লখিমপুৰ মেডিকেল কলেজৰ পাৰ্কিং মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Oct 22, 2022, 2:20 PM IST

Updated : Oct 22, 2022, 3:25 PM IST

Human chain in front of Lakhimpur Medical College
লখিমপুৰ মেডিকেল কলেজৰ পাৰ্কিং মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College in controversy) । এইবাৰ পাৰ্কিঙৰ নামত অতিৰিক্ত ধন সংগ্রহৰ কাণ্ডই জোকাৰিছে মেডিকেল কলেজখনক । ঘন্টাই প্ৰতি মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(Human chain in front of Lakhimpur Medical College) ।

লখিমপুৰ,২২ অক্টোবৰ: বিতর্কৰ যেন অন্ত নপৰিব লখিমপুৰ মেডিকেল কলেজৰ । উদ্বোধনৰ পাছৰে পৰা নানান বিতর্কই জোকাৰি থকা লখিমপুৰ মেডিকেলত এইবাৰ পাৰ্কিঙৰ প্ৰসংগত ক্ষোভৰ উদ্গীৰণ ঘটিছে । দুদিনমানৰ পৰা কলেজখনৰ পাৰ্কিং মাচুলক লৈ ৰাইজ তথা বিভিন্ন দল সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ।

পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College in controversy) । পাৰ্কিঙৰ নামত অতিৰিক্ত ধন সংগ্রহৰ কাণ্ডই জোকাৰিছে মেডিকেল কলেজখনক । চলিউশ্যন নৰ্থ ইষ্ট নামৰ কোম্পানীক দিয়া হৈছে পাৰ্কিং মাচুল সংগ্রহৰ দায়িত্ব । গধুৰ বাহনৰ ৩০ টকা, লঘু বাহনৰ ২০ টকা, টেম্পো, ই ৰিক্সাৰ ১০টকা আৰু বাইক আদিৰ ৫ টকা মাচুল সংগ্রহ কৰা হৈছে ।

লখিমপুৰ মেডিকেল কলেজৰ পাৰ্কিং মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

এইয়া কেৱল দুঘন্টাৰ বাবেহে । পৰৱৰ্তী সময়ত বাঢ়িব ঘন্টাই প্ৰতি মাচুল । যাৰ বাবে বিভিন্ন দল সংগঠন তথা ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । এই অদ্ভুত পাৰ্কিং মাচুলৰ বিৰুদ্ধে শনিবাৰে মেডিকেল কলেজখনৰ সন্মুখত মানৱ শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(Human chain in front of Lakhimpur Medical College) । লখিমপুৰ মেডিকেল কলেজৰ গেটৰ সন্মুখত মেডিকেল কলেজৰ চৌহদত অবৈধভাৱে পাৰ্কিং কৰ সংগ্ৰহ কৰাৰ বিৰুদ্ধে মানৱ শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ণ কৰে(KMSS human chain in Lakhimpur) ।

লখিমপুৰ টাউন আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত মেডিকেল কলেজৰ চৌহদত পাৰ্কিং কৰ সংগ্ৰহ কৰাৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদ । মেডিকেল কলেজৰ চৌহদত BJP গ' বেগ আদি ভিন্ন শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক: Lurinjyoti Gogoi in Nalbari: তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তিত মৌখিক পৰীক্ষাৰ আঁৰত ৰহস্য আছে: লুৰীণজ্যোতি

Last Updated :Oct 22, 2022, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.