ETV Bharat / state

Lurinjyoti Gogoi in Nalbari: তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তিত মৌখিক পৰীক্ষাৰ আঁৰত ৰহস্য আছে: লুৰীণজ্যোতি

author img

By

Published : Oct 22, 2022, 1:51 PM IST

নলবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP President Lurinjyoti Gogoi) ৷ লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়া চৰকাৰৰ সিদ্ধান্তক বাহাল ৰাখি উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ প্ৰতিক্ৰিয়া নেতাগৰাকীৰ ৷ একেদৰে নিযুক্তি পৰীক্ষাৰ ফলাফলত প্ৰাৰ্থীৰ কাট অৱ মাৰ্ক ঘোষণা নকৰাৰ আঁৰত গভীৰ দুৰ্নীতি আৰু ৰহস্য থকাৰ দাবী নেতাগৰাকীৰ ।

lurinjyoti-gogoi-comment-on-several-issues-in-nalbari
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

নলবাৰী, ২২ অক্টোবৰ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP President Lurinjyoti Gogoi) শুকুৰবাৰে নলবাৰীৰ মুকালমুৱাত উপস্থিত হয় ৷ গগৈয়ে মুকালমুৱাত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত নথকা সন্দৰ্ভত দিয়া ৰায়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা আৰু এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে তেওঁক সমৰ্থন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

তেওঁ কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়া চৰকাৰৰ সিদ্ধান্তক বাহাল ৰাখি উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিলে সেয়া আগন্তুক দিনত অসমীয়া ভাষাৰ প্ৰতি, নিবনুৱাৰ প্ৰতি অন্যায় বুলি নিৰূপণ হ’ব । তেওঁ চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ ন্যায্যতা কমোৱাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ৷ চৰকাৰৰ বহিঃৰাজ্যৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীক সুযোগ দিয়াৰ বাবেহে এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

একেদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাত গভীৰ ৰহস্য আছে বুলি কয় গগৈয়ে(Viva for 4th grade recruitment) । প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণাৰ এয়া পোনপটীয়া বিৰোধিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি উল্লেখ কৰে গগৈয়ে ৷ একেদৰে নিযুক্তি পৰীক্ষাৰ ফলাফলত প্ৰাৰ্থীৰ কাট অৱ মাৰ্ক ঘোষণা কৰা নাই(Assam recruitment exam result 2022) । ইয়াৰ মাজতো গভীৰ দুৰ্নীতি আৰু ৰহস্য আছে বুলি সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

আনহাতে এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে লুৰীণজ্যোতি গগৈক সমৰ্থন কৰা সন্দৰ্ভত তেওঁ কয় যে, এআইইউডিএফ আৰু বিজেপিৰ এটা সম্পৰ্ক আছে । বিজেপিয়ে অসমত মিছন ১২ কৈ বাকী দুখন আসনক লৈ এআইইউডিএফৰ লগত গোপন বুজাবুজি কৰিছে । কিন্তু কোন সাংসদ হ’ব, কোন বিধায়ক হ’ব সেই কথা নিৰ্ধাৰণ কৰিব অসমৰ ৰাইজেহে । গতিকে এইবোৰ সাম্প্ৰদায়িক এজেণ্ডাৰে মানুহক বিভ্ৰান্ত কৰিবলৈ বিধায়ক ৰফিকুল ইছলামে চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: Assam Direct Recruitment: চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাক লৈ সৰৱ বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.