ETV Bharat / state

Lakhimpur medical college in controversy: চিকিৎসালয়ত প্ৰসূতিৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Jun 4, 2022, 6:24 PM IST

Lakhimpur Medical College
প্ৰসূতিৰ মৃত্যু ঘটনাৰ তদন্ত ঘোষণা মন্ত্রী কেশৱ মহন্তৰ

ইন্ধনৰ অভাৱত জেনেৰেটৰ নচলাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে (Inquiry of Lakhimpur medical college incident)৷ এখন তিনিজনীয়া সমিতিক দিয়া হৈছে তদন্তৰ দায়িত্ব ৷ সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে চিকিৎসজনকো নিলম্বন কৰাৰ দাবী জনাই সাব্যস্ত হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰ, ৪ জুন: যোৱা দুই জুনত তেল নোহোৱাৰ বাবে জেনেৰেটৰ নচলাৰ ফলত লখিমপুৰ মেডিকেল কলেজত এগৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল (Pregnant woman death in Lakhimpur medical college)। এই সন্দৰ্ভত শনিবাৰে ঘটনাৰ বুজ ল’বলৈ মেডিকেল কলেজখনত উপস্থিত হয় বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে ।

লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য চৰকাৰক (Pregnant woman death in LMC)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে শনিবাৰে উক্ত ঘটনাৰ তদন্ত ঘোষণা কৰা হয় ৷ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই দিলে এই তদন্তৰ নিৰ্দেশ । অসম মেডিকেল কলেজৰ শৈক্ষিক সঞ্চালক, প্ৰসূতি বিভাগৰ মুৰব্বী, সহযোগী অধ্যাপক, এনাচথেচিয়া বিষয়াসহ তিনিজনীয়া এখন সমিতিক এই তদন্তৰ দায়িত্ব দিয়া হৈছে । শনিবাৰে পুৱা লখিমপুৰ মেডিকেল কলেজত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই কলেজখনত প্ৰসূতিৰ মৃত্যুৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ কথা সদৰি কৰে ।

প্ৰসূতিৰ মৃত্যু ঘটনাৰ তদন্ত ঘোষণা মন্ত্রী কেশৱ মহন্তৰ

উল্লেখ্য যে, যোৱা দুই জুনত কলেজখনত(Lakhimpur medical college) তেলৰ অভাৱত জেনেৰেটৰ নচলাৰ বাবেই অস্ত্ৰোপচাৰ কৰিব নোৱাৰাত কন্যা পাটগিৰী নামৰ এগৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল । এই ঘটনাই জিলাখনত তুমুল আলোড়নৰ সৃষ্টি কৰে । জিলাৰ উপায়ুক্তই এই সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিয়াৰ উপৰি কলেজখনৰ অধীক্ষকে সেই সময়ত কৰ্তব্যত থকা চিকিৎসকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনা সম্পৰ্কে তাৎক্ষণিকভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে তদন্তত কাৰোবাৰ গাফিলতি ধৰা পৰিলে লগে লগে ব্যবস্থা গিৰহণ কৰা হ’ব বুলিও কয় ।

আনহাতে অহা ৮ জুনত কলেজখনৰ পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত কৰিবলৈও মন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিয়ে (Health minister Keshab Mahanta)। উক্ত সভাত কলেজখনৰ পৰিচালনাৰ পৰা সামগ্ৰিক দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । মন্ত্ৰী কেশৱ মহন্তই কলেজখনৰ অধীক্ষকসহ বিষয়া-কৰ্মচাৰীৰ সৈতে এখন সভাতো শনিবাৰে মিলিত হয় । সাংসদ প্ৰদান বৰুৱাই মন্ত্ৰীগৰাকীক সংগ দিয়ে ।

আনহাতে 2 জুনত সংঘটিত ঘটনাৰ বাবে কলেজখনৰ অধ্যক্ষক নিলম্বনৰ দাবীত শনিবাৰে পুত্তলিকা দাহ কৰে অসমীয়া যুৱমঞ্চই । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বনৰ দাবী তুলি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱমঞ্চই । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মেডিকেল কলেজখনত উপস্থিত হৈ ঘটনাৰ বুজ লৈ যোৱাৰ সময়তে কলেজখনৰ অধ্যক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰতিবাদ জনাই মহাবিদ্যালয়ৰ সন্মুখত অধ্যক্ষৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই । চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে চিকিৎসজনকো নিলম্বন কৰাৰ দাবী জনাই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলীৰ পৰিবেশ উত্তাল কৰি তোলে (Asomiya Yuba Mancha protest in Lakhimpur) ।

লগতে পঢ়ক: জেনেৰেটৰত তেল নাই; লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.