ETV Bharat / state

জেনেৰেটৰত তেল নাই; লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু

author img

By

Published : Jun 3, 2022, 2:33 PM IST

লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু
লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু

পুনৰ বিতৰ্কৰ আৱৰ্তত পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি যোৱা ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা লখিমপুৰ মেডিকেল কলেজ ৷ দুৰ্বল আন্তঃগাঠনিৰ পাচত এইবাৰ উন্মোচিত হৈছে আন এক অভিযোগ । মেডিকেল কলেজখনত জেনেৰেটৰ চলাবলৈ তেলৰ অভাৱ ঘটাৰ বাবে অস্ত্ৰোপচাৰ কৰিব নোৱাৰাৰ অভিযোগ তুলিছে এগৰাকী ভুক্তভোগীয়ে ৷ যাৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যু হৈছে (Pregnant woman death in Lakhimpur medical college) ৷

লখিমপুৰ, ৩ জুন : বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ মেডিকেল কলেজক । নকৈ উদ্বোধন কৰাৰ পাচতে মেডিকেল কলেজখনত ইটোৰ-পাচত সিটো ঘটনাই জোকাৰি গৈছে ৷ এইবাৰ এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ মেডিকেল কলেজত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি (Pregnant woman death in Lakhimpur medical college) ৷

অভিযোগ অনুসৰি, শোণিতপুৰ জিলাৰ গহপুৰ ৰঙাপুৰিৰ প্ৰাণে পাটগিৰীয়ে তেওঁৰ পত্নী কন্যা পাটগিৰীক ৩১ মে’ তাৰিখে বিয়লি ভাগত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰসৱকালীন কাৰণত ভৰ্তি কৰা হৈছিল ৷ কিন্তু প্ৰথমৰ পৰাই চিকিৎসাৰ ক্ষেত্ৰত কন্যা পাটগিৰীক অবহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

অৱশেষত ২ জুনৰ দিনা ছিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱ কৰাবৰ বাবে অস্ত্ৰোপচাৰ কক্ষলৈ নিয়া হৈছিল মহিলাগৰাকীক ।

লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু

অস্ত্ৰোপচাৰ কক্ষত হঠাৎ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে । তাৰ পাচতে চিকিৎসকে জেনেৰেটৰত ইন্ধন নথকাৰ বাবে মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰাত পলম হয় ৷ যাৰ ফলত প্ৰসৱ বেদনাত চটফটাই মহিলাগৰাকী আৰু তেওঁৰ গৰ্ভস্থ সন্তানৰ মৃত্যু হয় । এই অভিযোগ তুলিছে মৃত মহিলাগৰাকীৰ আত্মীয়ই ৷

পৰৱৰ্তী সময়ত ন্যায় বিচাৰি মৃত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰীয়ে কাষ চাপে আৰক্ষীৰ ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে লখিমপুৰ সদৰ থানাত এই ঘটনা সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ ৷ আনহাতে, এই ঘটনা সন্দৰ্ভত বিভিন্ন দল সংগঠনেও এক শক্তিশালী তদন্তৰ দাবী জনাইছে । লগতে ঘটনা সন্দৰ্ভত জিলাৰ উপায়ুক্তগৰাকীয়েও এক তদন্তৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বাৰিষাতো উদং হৈছে ব্ৰহ্মপুত্ৰৰ বক্ষ; এটুপী পানীৰ বাবে হাহাকাৰ নৈপৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.