ETV Bharat / state

বাৰিষাতো উদং হৈছে ব্ৰহ্মপুত্ৰৰ বক্ষ; এটুপী পানীৰ বাবে হাহাকাৰ নৈপৰীয়া

author img

By

Published : Jun 3, 2022, 1:47 PM IST

অসমীয়াৰ আয়ুসৰেখা সদৃশ মহাবাহুৰ এক অস্বাভাৱিক পৰিৱৰ্তন ৷ বাৰিষাতো অস্বাভাৱিকভাৱে খৰাং হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু (Water levels reduced in Brahmaputra river) ৷ ব্ৰহ্মপুত্ৰৰ বক্ষত এটুপি পানী বিচাৰি হাহাকাৰ এতিয়া নৈপৰীয়া ৰাইজ ৷

Water levels reduced in Brahmaputra river
বাৰিষাতো উদং হৈছে ব্ৰহ্মপুত্ৰৰ বক্ষ

টীয়ক, 3 জুন : যি সময়ত ৰাজ্যৰ নৈ উপনৈসমূহৰ বাঢ়নী পানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে, তেনে সময়ত ব্ৰহ্মপুত্ৰৰ খৰাং বুকুয়ে শংকিত কৰিছে একাংশ নৈপৰীয়া ৰাইজক । বাৰিষা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ বুকু পানীয়ে উপচি থাকিব লাগিছিল, সেই সময়ত এক অদ্ভূত দৃশ্য দেখিবলৈ পোৱা গৈছে টীয়কৰ জাঁজী মুখৰ ব্ৰহ্মপুত্ৰ নদীত (Water levels reduced in Brahmaputra river) ৷

বৰ্তমান জাঁজী মুখৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চকুৰে দেখা পোৱা লৈকে দৃশ্যিত হৈছে কেৱল মাথো বালিচৰ । ব্ৰহ্মপুত্ৰৰ এই অস্বাভাৱিক ৰূপ দেখি এতিয়া ব্ৰহ্মপুত্ৰৰ কাষৰীয়া লোকসকল আজি শংকিত হৈ পৰিছে । এই বছৰৰ এই অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে ।

বাৰিষাতো উদং হৈছে ব্ৰহ্মপুত্ৰৰ বক্ষ

আনকি এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে নৈপৰীয়া ৰাইজ ৷

উপায়ন্তৰ হৈ এতিয়া জাঁজী মুখৰ নৈপৰীয়া ৰাইজে বিচাৰিছে এতিয়া চৰকাৰৰ সহায় ৷ পাৰ্যমানে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে ৷ অন্যথা অনাগত দিনত এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিয়া মানৱ সমাজ ।

লগতে পঢ়ক : আৰম্ভ হ’ল ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজীয়া হাইড্ৰ’জেন পাইলট প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.