ETV Bharat / state

তৰুণ গগৈবিহীন তিনিটা বছৰ, লখিমপুৰত গৌৰৱ গগৈ ফেনছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 3:54 PM IST

Bharattarun gogoi death anniversary
লখিমপুৰত তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী পালন

ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত নেতাগৰাকীক ৰাজ্যজুৰি স্মৰণ কৰা পৰিলক্ষিত হৈছে ৷ লখিমপুৰতো গৌৰৱ গগৈ ফেনছ ক্লাৱে সোঁৱৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷

লখিমপুৰত তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী পালন

লখিমপুৰ, 23 নৱেম্বৰ : দীৰ্ঘ সময় ধৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ পাচত সুদীৰ্ঘ 15 বছৰ কাল অসমৰ মুখ্যমন্ত্ৰীৰ চকীত অধিস্থিত হোৱা তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি স্মৰণ কৰা হৈছে, জ্ঞাপন কৰা হৈছে শ্ৰদ্ধাঞ্জলি ৷

ৰাজ্যজুৰি কংগ্ৰেছ দল, দলটোৰ ভগ্নী সংগঠনসমূহৰ উপৰিও প্ৰয়াত তৰুণ গগৈৰ শুভাকাংক্ষীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো গৌৰৱ গগৈ ফেনছ ক্লাবে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে । উক্ত অনুষ্ঠানত গৌৰৱ গগৈ ফেনছ ক্লাবৰ সদস্য, বিষয়ববীয়াৰ উপৰিও জিলা পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই উপস্থিত থাকি প্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে প্ৰয়াত নেতাগৰাকীৰ স্মৃতিচাৰণৰ জৰিয়তে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দহৰ হকে কাম কৰাৰ সংকল্প লয় । তৰুণ গগৈৰ দৰে সততাৰে জনসেৱা কৰিবলৈ তেওঁৰ আশীৰ্বাদ কামনা কৰে শুভাকাংক্ষীসকলে ।

উল্লেখ্য যে, 2001 চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হোৱা তৰুণ গগৈৰ 2020 চনৰ আজিৰ দিনটোতেই পৰলোকপ্ৰাপ্তি হৈছিল ৷ 2020 চনৰ 26 আগষ্টত ক’ভিডত আক্ৰান্ত হোৱা তৰুণ গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱাৰ পাচত ক’ভিডৰ পৰা মুক্ত হৈ স্বাস্থ্যৰ কিছু উন্নতি হৈছিল ৷

কিন্তু কিছুদিনৰ পাচত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও 2020 চনৰ 23 নৱেম্বৰত মৃত্যুক আকোঁৱালি লয় 1934 চনৰ 11 অক্টোবৰত জন্মলাভ কৰা তৰুণ গগৈয়ে ৷

লগতে পঢ়ক : ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপৰ ফাইনেল হোৱা বাবে ভাৰত হাৰিল; তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.