ETV Bharat / state

নাৰায়ণপুৰৰ গৃহহীন পৰিয়াললৈ 25 হাজাৰ টকাৰ সাহায্য

author img

By

Published : Jun 26, 2021, 9:59 PM IST

distribution Rs 25,000 Cheque to homeless family in Narayanpur
নাৰায়ণপুৰৰ গৃহহীন পৰিয়াললৈ 25 হাজাৰ টকা এককালীন সাহাৰ্য্য

বনপুৰৈ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত গৃহহীন হোৱা ২৫ টা পৰিয়ালক শনিবাৰে 25 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস ৷

বিহপুৰীয়া, 26 জুন : নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত গৃহহীন হোৱা ২৫ টা পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয় । খহনীয়াস্থলিত অনুষ্টুপীয়াকৈ আয়োজন কৰা এক অনুষ্ঠানত স্থানীয় বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে খহনীয়াগ্ৰস্ত পৰিয়াল সমূহৰ মাজত ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আগবঢ়োৱা এই সাহায্যৰ ধন অঞ্চলটোৰ ২৫ টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় ।

নাৰায়ণপুৰৰ গৃহহীন পৰিয়াললৈ 25 হাজাৰ টকা এককালীন সাহাৰ্য্য

সাহায্য বিতৰণ অনুষ্ঠানটোত লখিমপুৰ জিলা উপায়ুক্ত গৰাকীৰ উপৰিও নাৰায়ণপুৰ আৰু বিহপুৰীয়া ৰাজহচক্ৰ বিষয়াদ্বয়েও অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ পাচতে সাংবাদিকৰ আগত সাংসদ পল্লৱলোচন দাসে কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিৰ যিসকল লোকে গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ পৰিছে সেই সকলক তাৎক্ষণিকভাৱে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে ৷ সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিটো পৰিয়ালক একাকালীন সাহায্য হিচাপে 25 হাজাৰ টকাকৈ প্ৰদান কৰিবলৈ অনুমোদন আগবঢ়াই বুলি সদৰি কৰে সাংসদ গৰাকীয়ে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাৰায়ণপুৰত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা সময়তে বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই গৰাখহনীয়াত গৃহহীন হোৱা পৰিয়ালৰ কথা অৱগত কৰিছিল ৷ তদুপৰি পৰিয়াল সমূহক কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল ৷

সংবাদ মাধ্যমৰ আগত বিহপুৰীয়াৰ বিধায়ক অমীয় কুমাৰ ভূঞাই কয়, বনপুৰৈ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে বহু পৰিয়ালৰ খেতি-মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৷ পৰিয়াল সমূহক কিছু সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কালতে মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল ৷ সেই সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰাৰ আশ্বাস দিছিল বুলি সদৰি কৰে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

"সেই প্ৰতিশ্ৰুতিৰ মতে মুখ্যমন্ত্ৰীয়ে পৰিয়াল সমূহৰ বাবে আগবঢ়োৱা এককালীন সাহায্য প্ৰদান কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰিছো ৷ বিহপুৰীয়া সমষ্টিবাসীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে বিহপুৰীয়াৰ বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো ৷ "সাংবাদিকৰ আগত এইদৰে কয় বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.