ETV Bharat / state

Congress MLA BJP join controversy, প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

author img

By

Published : Aug 12, 2022, 2:29 PM IST

Updated : Aug 13, 2022, 12:44 PM IST

প্ৰশান্ত ফুকনক ট্ৰেইনিঙৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই (Debabrata Saikia criticized Prasanta Phukan)। ট্ৰেইনিং নথকা বাবেই তেওঁ মন্ত্ৰিত্ব পোৱা নাই । ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীক লৈও গুৰুত্বপূৰ্ণ মন্তব্য শইকীয়াৰ ।

Congress MLA BJP join controversy
প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান

লখিমপুৰ, ১২ আগষ্ট : কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰা বিষয়ক লৈ সম্প্ৰতি ৰাজ্যত বিশেষ চৰ্চা চলিছে । কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি মুকলিকৈ বিধায়ক প্ৰশান্ত ফুকনে দাবী কৰাৰ পাছতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে কংগ্ৰেছৰ বহু নেতাই তীব্ৰ সমালোচনা কৰিছে প্ৰশান্ত ফুকনক । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ আহ্বান জনালে প্ৰশান্ত ফুকনক ।

বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰশান্ত ফুকনক আহ্বান জনালে দেৱব্ৰত শইকীয়াই (Debabrata Saikia urges Prashanta Phukan to join Congress)। দেৱব্ৰত শইকীয়াই প্ৰশান্ত ফুকনক সমালোচনা কৰি কয় যে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ ট্ৰেইনিং কম আছে, যাৰ বাবে তেওঁ আজিও মন্ত্রিত্ব পোৱা নাই । সেয়ে তেওঁক কংগ্রেছলৈ আহিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ । কংগ্ৰেছত তেওঁক উপযুক্ত ট্ৰেইনিং দিয়া হ'ব বুলি শইকীয়াই কয়। ট্ৰেইনিঙৰ অভাৱৰ বাবে বিজেপিলৈ যোৱা বেছি সংখ্যক নেতাই মন্ত্রিত্ব পোৱাৰ বিপৰীতে প্ৰশান্ত ফুকনে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈ আছে বুলি তেওঁ অভিযোগ কৰে ।

প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান দেবব্ৰত শইকীয়াৰ

উল্লেখ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰাজ্যজুৰি কংগ্ৰেছে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । সেই কাৰ্যসূচী অনুসৰি লখিমপুৰত আয়োজিত এক পদযাত্রাত অংশগ্রহণ কৰি এই মন্তব্য কৰে বিৰোধী দলপতি শইকীয়াই ।

বিজেপি আৰু আৰ এছ এছকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে (Debabrata Saikia slams BJP and RSS)। এসময়ত ভাৰতীয় জাতীয় পতাকাক অশুভ বুলি কোৱা আৰ এছ এছৰ মদতপুষ্ট বিজেপিয়ে এতিয়া 'ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচীৰ জৰিয়তে প্ৰায়শ্চিত্ত কৰা বুলিও দেৱব্ৰত শইকীয়াই সমালোচনা কৰে । অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে নাগপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হোৱা নাছিল বুলিও আৰ এছ এছক কঠোৰ সমালোচনা কৰে শইকীয়াই ।

লগতে পঢ়ক :Har Ghar Tiranga mission : হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে চাইকেল ৰেলী

Last Updated :Aug 13, 2022, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.