ETV Bharat / state

Protest in Lakhimpur:লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:19 PM IST

Protest in Lakhimpur
চিপিআইৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ

ৰাজ্যত ধাৰাবাহিকভাৱে চলিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । অথচ চৰকাৰখনৰ নাই কাণসাৰ। মূল্যবৃদ্ধিত অতিষ্ঠ হৈ বিভিন্ন সংগঠনে নিতৌ প্ৰতিবাদেৰে উত্তাল কৰিছে ৰাজ্য । সোমবাৰে চিপিআইৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্লোগান দিয়ে ।

চিপিআইৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ

লখিমপুৰ, ২৮ আগষ্ট: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিতৌ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হ’ব ধৰিছে । বিভিন্ন সংগঠনে বিভিন্ন পন্থাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । সকলো বয়-বস্তুৰ মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰি তোলাৰ বিপৰীতে চৰকাৰে ৰাইজক সকাহ দিয়াৰ বাবে লক্ষ্যণীয় ব্যবস্থা গ্রহণ কৰা নাই । ইয়াৰ বিপৰীতে একাংশ জনপ্ৰতিনিধিয়ে সময়ে সময়ে উপলুঙা মন্তব্যহে প্ৰকাশ কৰিছে । যাৰ বাবে ৰাইজৰ ক্ষোভ তুংগত উঠিছে । ইয়াৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ ।

ৰাজ্য চৰকাৰ, যোগান মন্ত্রীৰ বিৰুদ্ধেই নহয়,কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধেও চৰম ক্ষোভ প্রকাশ কৰিছে ৰাইজে । লখিমপুৰত সোমবাৰে তেনে প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে চিপিআইৰ লখিমপুৰ জিলা সমিতিয়ে । দলৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই আহি চিপিআইৰ প্ৰতিবাদকাৰী সকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে । মূল্যবৃদ্ধি ৰোধ কৰক,মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়,মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদ কাৰীসকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

এই প্ৰতিবাদত অংশগ্রহণ কৰি চিপিআইৰ লখিমপুৰ জিলা শাখাৰ সম্পাদক অৰূপ কলিতাই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনক ধিক্কাৰ দিয়ে । চৰকাৰে চামুচেৰে দি বেলচাৰে কাঢি নিয়া নীতি লৈ ৰাইজক যাতনা ভোগোৱা বুলি ক্ষোভ প্রকাশ কৰে । অসম নাইবা সমগ্র দেশ ক্ৰমে ছোমালিয়া, শ্ৰীলংকাৰ অৱস্থালৈ গতি কৰিছে বুলি উল্লেখ কৰি তেওঁ আগন্তুক নিৰ্বাচনত কেন্দ্র আৰু ৰাজ্যৰ পৰা বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায় ।

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত অৰূপ কলিতা, গিৰীন্দ্ৰ প্ৰসাদ উপাধ্যায় আদিয়ে অংশগ্রহণ কৰে । ধৰ্ণাৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত তেওঁলোকে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Dance Bangla Dance: ডাঞ্চ বাংলা ডাঞ্চৰ পৰা জয়ী হৈ উভতিবলৈ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে সুমন মৰাণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.