ETV Bharat / state

Dance Bangla Dance: ডাঞ্চ বাংলা ডাঞ্চৰ পৰা জয়ী হৈ উভতিবলৈ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে সুমন মৰাণে

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:25 AM IST

কলকতাত অনুষ্ঠিত “Dance Bangla Dance”ৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত কাকপথাৰ টঙনাৰ সুমন মৰাণ ৷ জয়ী হৈ উভতিবলৈ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিলে কণমানি সুমন মৰাণে ।

Assam boy Suman Maran selected for final of Zee Bangla channel's Dance Bangla Dance competition held in Kolkata
কলকতাত অনুষ্ঠিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত কাকপথাৰৰ চুমন মৰাণ

কলকতাত অনুষ্ঠিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত কাকপথাৰৰ চুমন মৰাণ

তিনিচুকীয়া, ২৮ আগষ্ট: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটি কণমানিৰ নৃত্যই মন্ত্ৰমুগ্ধ কৰিছে সমগ্ৰ ভাৰতবাসীক । কাকপথাৰৰ অতি ভিতৰুৱা এখন গাঁও টঙনা গাঁৱৰ ৰাজেন মৰাণ আৰু স্বৰ্ণালী মৰাণৰ ১০ বছৰীয়া সন্তান সুমন মৰাণে পশ্চিম বংগৰ কলকাতাত অনুষ্ঠিত হৈ থকা “Dance Bangla Dance”ৰ জুনিয়ৰ শাখাত নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ।

অশেষ কষ্টেৰে চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত পিতৃ-মাতৃ, পৰিয়াল, গাঁওবাসীৰ লগতে সুমন মৰাণৰ প্ৰশিক্ষকগৰাকীও অতি আনন্দিত হৈ পৰিছে। ৭ বছৰ বয়সৰ পৰাই নৃত্য চৰ্চা কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে কেনেদৰে সংগ্ৰাম কৰিব লগা হৈছে তাকো ব্যক্ত কৰিলে সুমন মৰাণৰ লগতে পিতৃ-মাতৃ আৰু প্ৰশিক্ষক প্ৰদীপ ভূজেলে ।

Assam boy Suman Maran selected for final of Zee Bangla channel's Dance Bangla Dance competition held in Kolkata
কলকতাত অনুষ্ঠিত ডান্স বাংলা ডান্সৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত কাকপথাৰৰ চুমন মৰাণ

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সুমন মৰাণে কালাৰচ্‌ টি ভি ৰ সম্প্ৰচাৰিত ডাঞ্চৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ’ব লগা হৈছিল সুমন মৰাণ । কিন্তু এইবাৰ যেন সকলো ধৰণৰ বাধাকো নেওচি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে সুমন মৰাণ ৷ ডাঞ্চ বাংলা ডাঞ্চ প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত থকা ডাঞ্চৰ মহান তাৰকাসকলৰ লগতে বলীউডৰ অতি জনপ্ৰিয় অভিনেতা তথা ডাঞ্চাৰ মিথুন চক্ৰৱৰ্তীয়ে হাত চাপৰিৰে সম্বোধন কৰে ৷

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৯ গৰাকী প্ৰতিযোগী নিৰ্বাচিত হৈছে চূড়ান্ত প্ৰতিযোগিতালৈ ৷ ইয়াৰ ভিতৰত অসমৰ একমাত্ৰ প্ৰতিযোগী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ চুমন মৰাণ ৷ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ চূড়ান্ত শ্ব’ অনুষ্ঠিত হ’ব অক্টোবৰ মাহত ৷ গতিকে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত “ডাঞ্চ বাংলা ডাঞ্চ”ত বিজয়ী হৈ আহিবলৈ অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে সুমন মৰাণৰ লগতে পিতৃ মাতৃ আৰু সুমনৰ প্ৰশিক্ষকগৰাকীয়ে ।

ইটিভি ভাৰতৰ ফালৰ পৰা আমিও শুভেচ্ছা জনাইছোঁ বিজয়ী হৈ আহক সুমন মৰাণ, উজ্জ্বল হওক ভৱিষ্যত । উজ্বলাই তোলক কাকপথাৰৰ নাম, তিনিচুকীয়া জিলাখনৰ নাম, অসমৰ নাম । কঢ়িয়াই আনক গৌৰৱ ।

লগতে পঢ়ক: Suman Maran selected Dance Bangla Dance : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কাকপথাৰৰ সুমন মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.