ETV Bharat / state

দুৰ্নীতিঃ মৃত ব্যক্তিৰ নামত ধন হৰলুকি পঞ্চায়ত প্ৰতিনিধিৰ

author img

By

Published : May 10, 2020, 7:46 PM IST

corruption in lakhimpur nouboisa gaon pamchayat
দুৰ্নীতিঃ মৃত ব্যক্তিৰ নামত ধন হৰলুকি পঞ্চায়ত প্ৰতিনিধিৰ

লক্ ডাউনৰ মাজতে লখিমপুৰ জিলাৰ নাওঁবৈচাত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে কৃষক আঁচনিৰ ধন হৰলুকি কৰাৰ অভিযোগ ৰাইজৰ ৷

নাওবৈচা, 10 মে' : চৰকাৰী সাহায্য বিতৰণক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ নাওবৈচাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত হিতাধিকাৰী নিৰ্বাচনৰ তালিকাত ব্যাপক অনিয়ম সংঘটিত হোৱা গুৰুতৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ কৃষক সকলৰ কল্যাণৰ বাবে আৰম্ভ কৰা "প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি "আঁচনিৰ যোগেদি প্ৰত্যেক তিনি-চাৰি মাহৰ মূৰে মূৰে কৃষকক দুই হাজাৰ টকাকৈ সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিল । কিন্তু মধ্য নাওবৈচা গাঁও পঞ্চায়ত এই আঁচনিৰ নামত অনিয়ম হোৱা পৰিলক্ষিত হৈছে ৷ একাংশ হিতাধিকাৰীৰ পৰিৱৰ্তে মধ্যভোগী আৰু দালালে এই ধন লাভ কৰাৰ অভিযোগ ভুক্তভোগীৰ ৷

দুৰ্নীতিঃ মৃত ব্যক্তিৰ নামত ধন হৰলুকি পঞ্চায়ত প্ৰতিনিধিৰ

পঞ্চায়তটোৰ অন্তৰ্গত চমুৱা-দৰঙিয়া গাঁৱৰ ৱাৰ্ড সদস্যা মামণি বৰাৰ ঘৰৰ 6 গৰাকী লোকে এই আঁচনিৰ ধন পোৱাৰ গুৰুতৰ অভিযোগ উখাপন হৈছে ৷ আনকি 10 বছৰ আগতে মৃত্যু হোৱা ব্যক্তিৰ নামতো এই ধন হৰলুকি কৰাৰ অভিযোগ প্ৰতিনিধিৰ বিৰুদ্ধে ৷

দুৰ্নীতিঃ মৃত ব্যক্তিৰ নামত ধন হৰলুকি পঞ্চায়ত প্ৰতিনিধিৰ

আনহাতে, যদিও দুই এজন কৃষকে এই ধন লাভ কৰিছে কিন্তু তেওঁলোকৰ পৰাও 500 ৰ পৰা 1000 টকা প্ৰতিনিধিয়ে সংগ্ৰহ কৰাৰ অভিযোগ ৷

এই সমগ্ৰ দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি দেওঁবাৰে পঞ্চায়তটোৰ অন্তৰ্গত ভুক্তভোগী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভাগীয় কতৃপক্ষই উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত বিচাৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী উখাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : COVID-19 : ভাৰতৰ শেহতীয়া তথ্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.