ETV Bharat / state

Manipur Update: মণিপুৰত এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিপিআইএমৰ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Jul 25, 2023, 6:01 PM IST

Manipur Update
Manipur Update

মণিপুৰলৈ যোৱা মহিলা ফেডাৰেশ্যনৰ সম্পাদিকাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশ জুৰি চিপিআইৰ ধৰ্ণা-প্ৰতিবাদীসমদল ৷ শীঘ্ৰেই ভাৰত মহিলা ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় সম্পাদিকা এনি ৰাজাক মুকলি কৰি দিয়াৰ দাবী ৷

লখিমপুৰত চিপিআইএমৰ ধৰ্ণা কাৰ্যসূচী

লখিমপুৰ, ২৫ জুলাই: হিংসা জৰ্জৰ মণিপুৰলৈ যোৱা নিখিল ভাৰত মহিলা ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় সম্পাদিকা এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে দেশ জুৰি চিপিআই দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ অসমতো আন জিলাৰ লগতে লখিমপুৰ জিলাতো চিপিআই দলে ধৰ্ণা-প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে ।

মণিপুৰলৈ যোৱা মহিলা ফেডাৰেশ্যনৰ সম্পাদিকাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশ জুৰি চিপিআইৰ ধৰ্ণা-প্ৰতিবাদী সমদল ৷ অশান্ত জৰ্জৰ মণিপুৰলৈ শান্তিৰ বাণী লৈ যোৱা নিখিল ভাৰত মহিলা ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদিকা এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে সমগ্ৰ দেশ জুৰি চিপিআইৰ দলে ধৰ্ণা-প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰে ৷

অসমতো জিলাই জিলাই চিপিআইয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰআন জিলাৰ দৰে লখিমপুৰতো দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চিপিআইৰ জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি চিপিআইৰ কৰ্মীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷

মণিপুৰত শান্তি-সম্প্ৰীতি বজাই ৰাখক, শান্তিৰ বাবে যোৱা এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ জবাব দিয়ক, বিনা কাৰণত গ্ৰেপ্তাৰ কৰা বন্ধ কৰক আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে ৷ ধৰ্ণা-প্ৰতিবাদী সমদলৰ অন্তত চিপিআইয়ে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰক পত্ৰখনত এনি ৰাজাক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে চৰকাৰৰ গণবিৰোধী কাৰ্যকলাপ বন্ধ কৰি মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ দাবী জনায় ৷ প্ৰতিবাদী কাৰ্যসূচীত চিপিআইৰ লখিমপুৰ জিলা পৰিষদৰ ধীৰেণ কছাৰী, কৰ্ণ ৰাই, নিৰ্মাণ শ্ৰমিক সন্থাৰ গিৰীন্দ্ৰ প্ৰসাদ উপাধ্যায়, সত্য ৰঞ্জন দাস আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Manipur Crisis: মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দাবী কেইবাটও বামপন্থী সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.