ETV Bharat / state

Controversy in LMC : একে ৰাতিৰ ভিতৰতে সাল-সলনি হ’ল নৱজাতক

author img

By

Published : Jun 26, 2022, 9:07 PM IST

Controversy in LMC
একে ৰাতিৰ ভিতৰতে সাল সলনি হ’ল নৱজাতক

চৰ্চাত আছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (Lakhimpur Medical College in controversy) ৷ মুকলি হোৱাৰ পাচতেই এটাৰ পাচত আনটো গোচৰে লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক (Child exchange case in LMC) ৷ এইবাৰ ন-কৈ উদ্বোধন কৰা হাস্পতালখনত সাল-সলনি হৈছে নৱজাতক ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য হাস্পতাল চৌহদত ৷

লখিমপুৰ, ২৬ জুন : কালিকা লাগিছে লখিমপুৰ মেডিকেল কলেজত । এটাৰ পাচত আনটো বিতৰ্কৰ আৱৰ্তত সোমাইছে মেডিকেল কলেজখন (Lakhimpur Medical College in controversy) । তেলৰ অভাৱত জেনেৰেটৰ চলাব নোৱাৰাৰ ফলতে প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাৰ (Pregnant woman death in Lakhimpur medical college) প্ৰতিক্ৰিয়া নৌ মাৰ যাওঁতেই আকৌ বিতৰ্কত সোমাইছে লখিমপুৰ মেডিকেল কলেজ ।

এইবাৰ ৰাতিটোৰ ভিতৰতে সলনি হৈছে নৱজাতক (Child exchange case in lakhimpur medical college)৷ এটা নিশাৰ ভিতৰতে ল’ৰা সন্তান পৰিৱৰতন হ’ল ছোৱালী সন্তানলৈ ৷ এই অভিযোগ হাস্পতালখনত ভৰ্তি হৈ থকা এটা দম্পত্তিৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

একে ৰাতিৰ ভিতৰতে সাল সলনি হ’ল নৱজাতক

উল্লেখ্য যে, লখিমপুৰ মেডিকেল কলেজখনত দেৱাল ফটা (Cracks in wall of lakhimpur medical college building), ভিতৰত পানী পৰা, ইন্ধনৰ অভাৱত জেনেৰেটৰ চলাব নোৱাৰাত প্ৰসূতিৰ মৃত্যু ঘটা আদি অনেক ঘটনাৰ পাচত এইবাৰ নৱজাতক ল’ৰাৰ পৰা ছোৱালী হৈ পৰা এক আজৱ কাণ্ড সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ চায়ামনী দাস নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱাৰ হৈছিল হাস্পতালখনত ৷

লগতে পঢ়ক : জেনেৰেটৰত তেল নাই; লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু

তাৰ পাচত নিশাৰ ভাগত প্ৰসূতিগৰাকীৰ এটা সন্তান জন্ম হৈছিল ৷ চিকিৎসক আৰু নাৰ্চৰ মতে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটা ল’ৰা সন্তানৰ । কিন্তু দেওবাৰে পুৱা সন্তানটোক চাফ-চিকুণ কৰিবলৈ লওতে ওলাই পৰে উৰহী গছৰ ওৰ ৷ নিশা চিকিৎসক আৰু নাৰ্চে জন্ম লাভ কৰা শিশুটি ল’ৰা বুলি কোৱাৰ পিছত পুৱা কন্যা সন্তান দেখি হতবাক হৈ পৰে পিতৃ-মাতৃ ।

এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালখনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ নৱজাতক সালসলনি হোৱাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আদি সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক : লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.