ETV Bharat / state

লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি

author img

By

Published : May 16, 2022, 10:43 PM IST

বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক(Lakhimpur Medical College in controversy) । উদ্বোধনৰ দুমাহৰ পাছতে দেৱালত ফাঁট মেলা খবৰে চৰ্চাৰ কেন্দ্ৰলৈ আনিছিল চিকিৎসা মহাবিদ্যালয়খনক । এইবাৰ মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ (Durniti Birudhi Juba Shakti Asom)কঠোৰ পদক্ষেপ গ্ৰহণ ৷

Durniti Birudhi Juba Shakti Asom against the construction agency of Lakhimpur Medical College
লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি অসম

লখিমপুৰ, ১৬ মে : কেৱল লখিমপুৰৰ বাবেই নহয়, উত্তৰ অসমৰ বাবেই এক সম্পদ স্বৰূপ লখিমপুৰ মেডিকেল কলেজ । পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰু বিগত ফেব্রুৱাৰী মাহত মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা এই কলেজখন সম্প্ৰতি চৰ্চাৰ শীৰ্ষ বিন্দুত হৈ পৰিছে (Lakhimpur Medical College in controversy)। কিয়নো কলেজখনৰ প্ৰায়বোৰ ভৱনৰ দেৱালত ফাট মেলিবলৈ লোৱাৰ উপৰিও ভিতৰত পানী সোমোৱা আদি বিষয়বোৰক লৈ বিভিন্ন মহলে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত সংবাদমাধ্যমত প্ৰকাশিত খবৰৰ পাচত এইবাৰ আগবাঢ়ি আহিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসম(Durniti Birudhi Juba Shakti Asom) ।

Durniti Birudhi Juba Shakti Asom against the construction agency of Lakhimpur Medical College
লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি অসম

লখিমপুৰ মেডিকেল কলেজৰ এনে বিসংগতিৰ বাবে আইনৰ দ্বাৰস্থ হ'ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম । উদ্বোধনৰ তিনিমাহ নৌ হওঁতেই পাঁচশ কোটি টকীয়া মেডিকেল কলেজখনৰ প্ৰায়বোৰ ভৱনৰ দেৱালত ফাঁট মেলিবলৈ লোৱাৰ উপৰিও ভিতৰত পানী পৰাৰ বিষয়টোক লৈ নিৰ্মাণকাৰ্যত সংঘটিত হোৱা বিসংগতিৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে তৰিব গোচৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে । দুৰ্বল আন্তঃগাঠনিৰে ধন লুন্ঠনৰ অভিযোগ তুলি কলেজখনৰ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্রাকশ্বন (Construction agency of Lakhimpur Medical College)আৰু ইয়াৰ লগত জড়িত চৰকাৰী বিষয়া অভিযন্তাৰ বিৰুদ্ধে তৰিব গোচৰ ।

লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱশক্তি অসম

বৰ্তমান মেডিকেল কলেজখনৰ সকলো নিৰ্মাণকাৰ্য বন্ধ ৰখাৰো দাবী জনায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে (President of Durniti Birudhi Juba Shakti Asom) । মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ বিসংগতিৰ কথা প্ৰকাশৰ লগে লগেই তদন্তকাৰী দল ঢপলিয়াই অহাৰ বিপৰীতে সংবাদমাধ্যমত বাৰম্বাৰ মেডিকেল কলেজখনৰ নিৰ্মাণৰ বিসংগতিৰ বিষয়ে প্ৰকাশ হোৱাৰ পিছতো কিয় তদন্ত আৰম্ভ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে সভাপতি ধৰ্মকান্ত গগৈয়ে ৷ ইফালে মুখ্যমন্ত্রীক এবাৰ কলেজখনৰ চিৰাল ফাঁট দিয়া দেৱালসমূহ পৰিদৰ্শন কৰি ব্যৱস্থা গ্রহণৰ দাবী জনায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে ।

ইফালে, কলেজখনৰ ভিতৰত পানী পৰাৰ বিষয়ত স্থানীয় বিধায়কে সামাজিক মাধ্যমত প্ৰত্যুত্তৰ দিয়া বিষয়টোক সমালোচনা কৰি তেওঁ দেৱাল ফাঁট মেলাৰ বিষয়ত কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে ধৰ্মকান্ত গগৈয়ে । আনহাতে, কোনো কাৰণতে এই দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : মহানগৰীত শীঘ্ৰে বৃদ্ধি হ'ব জাৱৰ সংগ্ৰহৰ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.