ETV Bharat / state

বৰপেটা মেডিকেল কলেজৰ শিশু সলনিৰ ঘটনাক লৈ বৰ্তমানেও অব্যাহত তদন্ত প্ৰক্ৰিয়া

author img

By

Published : Jun 11, 2022, 10:17 PM IST

ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ শিশু সলনি হোৱা ঘটনাৰ তদন্ত বৰ্তমানেও অব্যাহত(Investigation against child exchange case is going on) । DNA পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শিশুটিক প্ৰকৃত মাতৃৰ হাতত অৰ্পণৰ পিছতে ঘটনাই লৈছে নতুন মোৰ(DNA examination reports that child is handed over to real mother) । শিশু দুটিৰ সালসলনিৰ ৰহস্য জানিবলৈ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ।

investigation into child change case at bmch is still continuing
বৰপেটা মেডিকেল কলেজৰ শিশু সলনিৰ ঘটনাক লৈ বৰ্তমানেও অব্যাহত তদন্ত প্ৰক্ৰিয়া

বৰপেটা,১১ জুন: বৰপেটা মেডিকেল কলেজত শিশু সলনি হোৱা ঘটনাক লৈ বৰ্তমানো অব্যাহত তদন্ত প্ৰক্ৰিয়া(Investigation against child exchange case is going on) ৷ এই ঘটনা সম্পৰ্কত DNA পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শিশুটিক প্ৰকৃত মাতৃৰ হাতত অৰ্পণৰ পিছতে ঘটনাটোক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য(DNA examination reports that child is handed over to real mother) ৷ কি পৰিস্থিতিত শিশু দুটিৰ সালসলনি হৈছিল আৰু জীৱিত শিশুৰ পৰিৱৰ্তে মৃত শিশু প্ৰদান কৰা হৈছিল সেই সম্পৰ্কে ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ৷

এই ঘটনাৰ সৈতে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ যিসকল লোক জড়িত সেইসকলৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে সকলোৱে । ইতিমধ্যেই বৰপেটা মেডিকেল কলেজত সংঘটিত ঘটনাটোৰ সৈতে জড়িত চিকিৎসক, নাৰ্চ অথবা কৰ্মচাৰীসকলৰ সকলো তথ্য তদন্তৰ দায়িত্বত থকা আৰক্ষীক প্ৰদান কৰিছে কৰ্তৃপক্ষই । ইফালে তদন্তকাৰী বিষয়াসকলেও শিশু সালসলনিৰ সৈতে জড়িতসকলৰ তথ্য সংগ্ৰহ কৰি সকলো দিশ পৰীক্ষা কৰি আছে । লগতে প্ৰকৃত দোষীৰ বিৰুদ্ধে আদালতত কেচ ডায়েৰী দাখিল কৰিবলৈ সাজু হৈছে ।

বৰপেটা মেডিকেল কলেজৰ শিশু সলনিৰ ঘটনাক লৈ বৰ্তমানেও অব্যাহত তদন্ত প্ৰক্ৰিয়া

আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আদালতে কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা হাতত লব ৷ সদ্যহতে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালভাৱে আদালতৰ পৰৱৰ্তী ৰায়লৈ অপেক্ষা কৰা হৈছে ৷

উল্লেখ্য যে ২০১৯ চনৰ মে' মাহত বৰপেটা মেডিকেল কলেজত দুটি শিশুৰ মাজত সলনা সলনিৰ ঘটনা সংঘটিত হৈছিল ৷ বৰপেটাৰ হাউলীৰ নাজমা খানমৰ সদ্যজাত সন্তানটিক কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ নাজমা খাটুন নামৰ এগৰাকী মহিলাক অৰ্পণ কৰিছিল বৰপেটা মেডিকেল কলেজ হস্পিটাল কতৃপক্ষই ৷ ইয়াৰ বিপৰীতে নাজমা খাটুনৰ মৃত সন্তানতো প্ৰদান কৰিছিল হাউলীৰ নাজমা খানমক ৷

লগতে পঢ়ক: Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.