ETV Bharat / state

বাছৰ ভাৰা বৃদ্ধি; দুই মেৰুত বাছ মালিক আৰু চৰকাৰ

author img

By

Published : Sep 7, 2021, 5:15 PM IST

bus driver protest in assam
বাছ ভাৰা বৃদ্ধি

বাছ ভাৰা বৃদ্ধিক লৈ বিপৰীত মেৰুত বাছ মালিক আৰু চৰকাৰ ৷ বাছৰ ভাৰা বৃদ্ধি নকৰিবলৈ নিৰ্দেশ চৰকাৰৰ ৷ অসন্তুষ্ট বাছ মালিক তথা চালকৰ প্ৰতিবাদত স্তব্ধ যাতায়াত ৷

মৰাণ, লখিমপুৰ, 7 ছেপ্টেম্বৰ : দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত SOP যোগে চৰকাৰে মুকলি কৰিলে আন্তঃজিলা যাতায়াত প্ৰক্ৰিয়া ৷ কিন্তু তাৰ পাচতেই সৃষ্টি হৈছে আন এক সমস্যা ৷ কিয়নো পেট্ৰ’পণ্যৰ বৰ্ধিত মূল্যৰ বাবে বাছ ভাৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল বাছ মালিকসকলে ৷ কিন্তু এক নিৰ্দেশনাযোগে এই ভাৰা বৃদ্ধিত নিষেধাজ্ঞা আনিছে চৰকাৰে ৷ চৰকাৰৰ নিৰ্দেশনা মতে যাত্ৰীবাহী বাহনে বৃদ্ধি কৰিব নোৱাৰিব বাছ ভাৰা ৷ এই কথাত মান্তি হোৱা নাই একাংশ বাছ মালিক ৷

লগতে পঢ়ক : ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?

এফালে পেট্ৰ’পণ্যৰ আকাশলংঘী মূল্য বৃদ্ধি, আনফালে বাহনৰ যন্ত্ৰ-পাতিৰ মূল্য বৃদ্ধি ৷ তাৰ মাজতে বহুদিন ধৰি চলাচল নোহোৱাৰ ফলত বিকল হৈ পৰিছে বাছসমূহৰ একাংশ যন্ত্ৰ-পাতি ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে বাছ মালিকসকল ৷ কিন্তু চৰকাৰে ভাৰা বৃদ্ধিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰাত ক্ষোভিত হৈ পৰিছে বাছৰ মালিক সকল ৷

বাছৰ ভাৰা বৃদ্ধি; দুই মেৰুত বাছ মালিক আৰু চৰকাৰ

লগতে পঢ়ক : কহিনুৰ থিয়েটাৰৰ 2021-22 বৰ্ষৰ নাট্য যাত্ৰা বাতিল

ইফালে কিছু দিশত ভাৰা বৃদ্ধি কৰি বহু চালক মালিকে পৰিবহণ বিভাগৰ ওচৰত জৰিমনা ভৰিব লগা হৈছে । যাৰ বাবে মঙলবাৰ ডিব্ৰুগড় চহৰৰ ৰাজপথৰ লগতে দুলিয়াজান, মৰাণতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বাহন সমূহ চলাচল বন্ধ কৰি দিছে একাংশ বাছ চালক আৰু মালিকে । কিমান দিনলৈ এই বন্ধ কাৰ্যসূচী হ'ব সেই কথা জানোৱা নাই যদিও যাত্ৰী কঢ়িয়াই নিয়া বাহনে যি হাৰত মূল্য বৃদ্ধি কৰিছে তাক লৈ অসন্তুষ্ট সাধাৰণ যাত্ৰী সকল ।

লগতে পঢ়ক : জাঁজীমুখত বন্যহস্তীৰ জাকে তচনচ কৰিলে ঘৰ-ভেটি

একেধৰণে যাত্ৰীৰ ভাৰা বৃদ্ধিক লৈ লখিমপুৰতো বাছ চালক, মালিক শ্ৰমিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতিৰ তাগিদাত বাছৰ ভাড়া কিছু বৃদ্ধি কৰাৰ বিপৰীতে চৰকাৰে এই ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ বাছৰ চালক তথা মালিক পক্ষৰ ৷ প্ৰতিবাদ হিচাপে বন্ধ ৰখা হৈছে লখিমপুৰৰ পৰা ডিব্ৰুগড়, যোৰহাট, ধেমাজি আদি স্থানলৈ যোৱা বাছৰ চলাচল । পৰিবহণ বিভাগৰ বিৰুদ্ধেও ক্ষোভ চালক মালিকৰ ৷ ইয়াৰ লগতে অধিক জৰিমনা বিহাৰ অভিযোগ মালিক তথা শ্ৰমিক সন্থাৰ ।

লগতে পঢ়ক : খেয়ালখুচি মতে কাৰ্যালয়লৈ আহে ৰঙিয়াৰ চৰকাৰী কৰ্মচাৰী !

এফালে বাছ মালিক আৰু চালকৰ আঁকোৰগোজ স্থিতি, আনফালে ভাৰা বৃদ্ধিত অসন্তুষ্ট যাত্ৰী ৷ চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷ কিয়নো এইদৰে যদি প্ৰতিবাদ চলি থাকে তেন্তে যাতায়াতৰ ক্ষেত্ৰত আহি পৰিব এক গভীৰ সমস্যা ৷

লগতে পঢ়ক : ফেচবুকযোগে দেশ বিৰোধী মন্তব্য কৰি আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.