ফেচবুকযোগে দেশ বিৰোধী মন্তব্য কৰি আটক যুৱক

author img

By

Published : Sep 7, 2021, 12:33 PM IST

youth-arrested-for-posting-objectionable-post-against-the-country-on-facebook

শালবাৰীত ফেচবুকযোগে আপত্তিজনক মন্তব্য কৰি আৰক্ষীৰ জালত পৰিছে এজন যুৱক ৷ বিগত কিছু সময়ৰ পৰাই দেশ বিৰোধী মন্তব্য কৰি আহিছিল যুৱকজনে ৷ সম্প্ৰতি মুছলপুৰ থানাত ৰখা হৈছে ৰফিকুল ইছলাম ওৰফে পাখী নামৰ যুৱকজনক ৷

বাক্সা, 7 ছেপ্তেম্বৰ : ছ’চিয়েল মিডিয়াযোগে দেশ বিৰোধী আপত্তিজনক প’ষ্ট শ্বেয়াৰ কৰি পুনৰ আৰক্ষীৰ ৰোষত পৰিছে এজন ৷ বাক্সাৰ শালবাৰীত ফেচবুকযোগে আপত্তিজনক মন্তব্য কৰি সোমবাৰে আটক হৈছে এজন যুৱক ৷ আটকাধীন যুৱকজনৰ নাম ৰফিকুল ইছলাম ওৰফে পাখী ৷

youth-arrested-for-posting-objectionable-post-against-the-country-on-facebook
ফেচবুকযোগে দেশ বিৰোধী মন্তব্য কৰি আটক

প্ৰাপ্ত তথ্য অনুসৰি, ৰফিকুল ইছলাম ‘পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া’(Popular Front of India) নামৰ সংগঠনটোৰ এজন সদস্য ৷ যুৱকজনৰ ঘৰ শালবাৰীৰ ভকুৱামাৰীত ৷ বিগত কিছু সময়ৰ পৰাই ফেচবুকযোগে দেশ বিৰোধী মন্তব্য কৰি আহিছিল ৰফিকুলে ৷

লগতে পঢ়ক: ইটাখোলাত কিশোৰী ধৰ্ষণত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ

অৱশেষত সোমবাৰে নিশাৰ ভাগত ৰফিকুল ইছলামক আটক কৰে শালবাৰী আৰক্ষীয়ে(Salbari Police)। শালবাৰী আৰক্ষী চকীত 69/2021 নম্বৰত গোচৰ ৰুজু কৰি us/124 (A) /153(A) /153(B) / 298/ 505 IPC r/w sec 66-F IT Actৰ অধীনত আটক কৰা হয় ৰফিকুলক ।

youth-arrested-for-posting-objectionable-post-against-the-country-on-facebook
ফেচবুকযোগে দেশ বিৰোধী মন্তব্য কৰি আটক

সম্প্ৰতি শালবাৰী আৰক্ষী চকীত ৰফিকুল ইছলামক সোধ-পোচ কৰি সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে ৰফিকুল ইছলামক আটক কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে শালবাৰী আৰক্ষী ৷

লগতে পঢ়ক: তিনিমাহৰ অন্তত অভয়াকুটি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.