কহিনুৰ থিয়েটাৰৰ 2021-22 বৰ্ষৰ নাট্য যাত্ৰা বাতিল

By

Published : Sep 7, 2021, 4:20 PM IST

thumbnail
()

ক’ভিড(Covid) সৃষ্ট পৰিৱেশৰ বাবে বন্ধ থকা ভ্ৰাম্যমান থিয়েটাৰ সমূহক(Bhramyaman Theatre) আখৰা আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু এতিয়াও অনিশ্চয়তাত ভুগিছে থিয়েটাৰৰ প্ৰযোজকসকল ৷ কিয়নো ভ্ৰাম্যমাণ থিয়েটাৰৰ দলসমূহে পূৰ্বৰ দৰেই নাট প্ৰদৰ্শন কৰিব পাৰিব নে নাই তাক লৈ এতিয়ালৈকে চৰকাৰে কোনো স্পষ্ট নিৰ্দেশনা জাৰি কৰা নাই ৷ এনে এক পৰিস্থিতিৰ মাজতেই কহিনুৰ থিয়েটাৰ(Kohinoor Theatre) গোষ্ঠীয়ে তেওঁলোকৰ আগন্তুক নাট্য বৰ্ষৰ যাত্ৰা বাতিলৰ কথা ঘোষণা কৰে ৷ এই ঘোষণা কৰিছে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে । কহিনুৰ থিয়েটাৰৰ বাকৰিত থিয়েটাৰ আহ্বায়ক সমিতিসমূহৰ সৈতে হোৱা এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰযোজক লহকৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.