ETV Bharat / state

অদৃশ্য শক্তিৰ শৰণাপন্ন নৈপৰীয়া ৰাইজ

author img

By

Published : Jun 1, 2020, 5:43 PM IST

বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰিবাসীয়ে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই সম্প্ৰতি শৰণাপন্ন হৈছে অদৃশ্য শক্তিৰ ৷ মহাবাহুৰ গতিক শান্ত আৰু ধীৰ কৰিবলৈ পূজা-অৰ্চনা আগবঢ়ালে নৈপৰীয়া ৰাইজে ৷

brahmaputa river erosion effected in banpuroi-jamuguri
brahmaputa river erosion effected in banpuroi-jamuguri

বিহপুৰীয়া, 1 জুনঃ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অদৃশ্য শক্তিৰ ওচৰত শৰণাপন্ন হ'ল বনপুৰৈ-জামুগুৰিবাসী ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰিবাসীয়ে উপাসনা কৰিবলৈ বাধ্য হৈছে ভগৱান আৰু ব্ৰহ্মপুত্ৰক ৷ অঞ্চলটোৰ ৰাইজে মহাবাহুৰ গতিক শান্ত আৰু ধীৰ কৰিবলৈ নামঘৰৰ সবাহৰ দিনটোতে ব্ৰহ্মপুত্ৰক উপাসনা কৰাৰ বাবেও পৃথকে সাজু কৰিলে নৈবদ্য আৰু উৰ্চগা ৷ লক ডাউনৰ বাবে ৰাইজৰ নামঘৰত নাম আয়োজন কৰিব নোৱাৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ কৰিলে নৈপৰীয়া ৰাইজে ৷

অদৃশ্য শক্তিৰ শৰণাপন্ন নৈপৰীয়া ৰাইজ

বছৰ বছৰ ধৰি গৰাখহনীয়াৰ কবলত পৰি বনপুৰৈ-জামুগুৰিৰ ৰাইজে হেৰুৱাব লগা হৈছে শ শ বিঘা কৃষি ভুমি ৷ লগতে নৈৰ বুকুত বিলীন হৈছে শতাধিক পৰিয়ালৰ বাসগৃহও ৷ কিন্তু ৰাইজৰ বাৰম্বাৰ আবেদনৰ পিচতো পৰিৱৰ্তনকামী চৰকাৰে আজিলৈ এই সমস্যা সমাধান কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ দুবছৰ পূৰ্বে অঞ্চলটোৰ বান খহনীয়া পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ইয়াৰ স্থায়ী ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও, আজিকোপতি ৰাইজে নাপালে সমাধান ৷ এইবাৰো আগ বাৰিষাৰ বানে এই অঞ্চল ৩ আৰু ৪ নম্বৰ চেক বান্ধত সৃষ্টি কৰিছে প্ৰৱল গৰাখহনীয়াৰ ৷ কেইবা বিঘা কৃষি ভূমি ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়া সম্প্ৰতি মূল মথাউৰিৰ পঞ্চাশ মিটাৰ ব্যৱধান পালেহি বুলিও জানিব পৰা গৈছে ৷ মূল মথাউৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত এতিয়া আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ ৰাইজৰ অভিযোগ চৰকাৰৰ জলসম্পদ বিভাগৰ কথা বাদেই জটিল সমস্যা চাবলৈও সময় নাই স্থানীয় জন প্ৰতিনিধিৰ ৷ যাৰ বাবে এতিয়া নেদেখা জনৰ শৰণাপন্ন হ'বলগীয়া হৈছে বানাক্ৰান্ত ৰাইজ ৷

লগতে পঢ়কঃ মেঘালয়ৰ পানীৰ ঢলৰ কৱলত কামৰূপৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.