ETV Bharat / state

নিজৰ কু-কৰ্মৰ বাবেই নিৰ্বাচনত নি:শেষ হ'ল কংগ্ৰছ : ভৱেশ কলিতা

author img

By

Published : Jan 25, 2022, 4:45 PM IST

"কংগ্ৰেছ দলৰ অৱস্থা বৰ্তমান অধিক শোচনীয় হৈ পৰিছে । ঠেঙাল পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতালৈকে নাহিল দলটো" সোমবাৰে উত্তৰ লখিমপুৰত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এইদৰে মন্তব্য কৰে (BJP State President Bhabesh Kalita criticizes Congress) ৷

bjp-state-president-bhabesh-kalita-criticises-congress-at-lakhimpur
নিজৰ কু-কৰ্মৰ বাবেই নিৰ্বাচনত নি:শেষ হ'ল কংগ্ৰছ

লখিমপুৰ , 25 জানুৱাৰী : আকৌ এবাৰ বিজেপিৰ হাতত ধাৰশায়ী হ'ল কংগ্ৰছ ৷ লাহে লাহে ৰাইজৰ পৰা এলাগী হৈ পৰিছে প্ৰায় 15 বছৰ ধৰি অসমত শাসন কৰা দলটো ৷ সেয়াই প্ৰমাণিত হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা ৷ সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি কংগ্ৰেছতকৈ নিৰ্দলীয় দলৰ প্ৰাৰ্থীয়েহে বেছি ভোট পোৱা পৰিলক্ষিত হয় ৷

"কংগ্ৰেছ দলৰ অৱস্থা বৰ্তমান অধিক শোচনীয় হৈ পৰিছে । ঠেঙাল পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতালৈকে নাহিল দলটো" এই বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ সোমবাৰে বিয়লি উত্তৰ লখিমপুৰৰ বাসুদেৱ কল্যাণ ট্ৰাষ্টৰ প্ৰেক্ষাগৃহত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এনে মন্তব্য কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই 9BJP State President Bhabesh Kalita criticizes Congress) ।

নিজৰ কু-কৰ্মৰ বাবেই নিৰ্বাচনত নি:শেষ হ'ল কংগ্ৰছ

লগতে, লখিমপুৰৰ ৰাইজে 5 টাকৈ ঠেংগাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সমষ্টিত বিপুল ভোটত বিজপিক জয়ী কৰাটো এটা বৰ শুভ লক্ষণ বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ।

লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কু কৰ্মৰ ফলত এই নিৰ্বাচনত নি:শেষ হ’ল (Congress defeats Thengal Kachari Election) । এখন অসম নিকা গঢ়াত সফল হোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক ৰাইজে আকোৱালী ল’বলৈ সক্ষম হৈছে বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা হাউচফেডৰ চেয়াৰমেন পুলক গোহাঁই উপস্থিত থাকি দলৰ কাৰ্য্যপ্ৰণালীৰ ওপৰত আলোকপাত কৰে ।

ইয়াৰোপৰি, এই সভাত বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাঁ (MLA Dr Amiya Kumar Bhuyan), প্ৰাক্তন বিধায়ক তথা ঠেঙাল কছাৰি স্বায়ত্ব শাসিত পৰিষদৰ নৱ- নিৰ্বাচিত সদস্য কেশৰাম বৰা আৰু প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা উপস্থিত থাকে । এই সভাখন সঞ্চালনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱাই ৷

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.