ETV Bharat / state

Assam Arunachal Border Firing : ধেমাজিৰ গুলীচালনা ঘটনাত অভিযুক্ত ৫ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ

author img

By

Published : Jun 6, 2023, 6:11 PM IST

অসম-অৰুণাচল সীমান্তৰ ধেমাজিৰ গোগামুখৰ জয়ৰামপুৰ পাণবাৰী গুলীচালনা ঘটনাত অভিযুক্ত পাঁচগৰাকী অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ (5 arrested in Assam Arunachal border shooting) ।

Assam Arunachal Border Firing
Assam Arunachal Border Firing

ধেমাজি, ৬ জুন : বিশ্ব পৰিৱেশৰ দিনাখন ধেমাজিৰ পাণবাৰীত সংঘটিত হৈছিল এক নিৰ্মম ঘটনা (2 killed in Assam Arunachal border shooting) । পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ আক্ৰমণত প্ৰাণ হেৰুৱালগীয়া হৈছিল দুগৰাকী অসমীয়া লোকে । অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলা গোগামুখ আৰক্ষী থানাৰ অধীনৰ জয়ৰামপুৰ পাণবাৰীত সংঘটিত হৈছিল এই নৃশংস ঘটনা (Assam Arunachal border conflict) ।

গছপুলি ৰোপণ কৰিবলৈ যোৱা নিৰস্ত্ৰ অসমীয়াৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই বৰ্বৰোচিতভাৱে গুলীচালনা কৰাৰ উপৰি দাৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰিছিল দুগৰাকী নিৰীহ অসমীয়াক ৷ ইয়াৰ উপৰি আন চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে ধেমাজি জিলা ৷ লগে লগে বিভিন্ন দল-সংগঠনে অসম আৰু অৰুণাচল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে, দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰি পথ অৱৰোধ কৰে ৷ ইয়াৰ পিছতে নিশাৰ ভাগত অৰুণাচলাৰ ল'ৱাৰ চিয়াং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু অসমৰ ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আলোচনাত মিলিত হয় ৷ লগতে সোমবাৰে নিশাতে জিলা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ ধেমাজিত উপস্থিত হৈ দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ হাতত গতাই দিবলৈ অৰুণাচলৰ ল'ৱাৰ চিয়াং জিলাৰ প্ৰশাসনক দাবী জনায় ৷

তাৰ পিছতে মঙলবাৰে গুলীচালনাৰ ঘটনাত অভিযুক্ত পাঁচজন দুৰ্বৃত্তক ল'ৱাৰ চিয়াং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লিকাবালি আৰক্ষী থানাত ৰখা বুলি জানিব পৰা গৈছে (5 arrested in Assam Arunachal border shooting) ৷ গ্ৰেপ্তাৰ কৰা নৰপিশাচকেইটা হৈছে বগম টাছো, ইজিপ টাছো, মিকজম টাছো, বম্পাৰ টাছো আৰু য়ংগাম নগুবা ।

উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ৮০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে । আনহাকে অসম-অৰুণাচলৰ সীমাবিবাদ বহুদিনীয়া । শেহতীয়াভাৱে দুয়োপক্ষই সীমাবিবাদ সমাধানৰ বাবে আলোচনাত মিলিত হৈ আছে । তাৰ মাজতে যোৱা ২০ এপ্ৰিলত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সীমান্ত সীমা সমস্যা সমাধানৰ বাবে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

লগতে পঢ়ক :BSF Jawan killed in Manipur : মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিহত বিএছএফৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.