ETV Bharat / bharat

BSF Jawan killed in Manipur : মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিহত বিএছএফৰ জোৱান

author img

By

Published : Jun 6, 2023, 1:55 PM IST

মণিপুৰৰ কাকচিং জিলাত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ (Manipur clashes)। এই সংঘৰ্ষত ১ গৰাকী বিএছএফ জোৱান নিহত লগতে অসম ৰাইফলছৰ ২ গৰাকী জোৱান আহত ।

BSF Jawan killed in Manipur
মণিপুৰত উগ্ৰপন্থীৰ গুলীত নিহত বিএছএফৰ জোৱান

নেশ্যনেল ডেস্ক,৬ জুন : মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই (Manipur violence)। ঠায়ে ঠায়ে নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে । নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । যোৱা দুটা দিনত সংঘটিত এই সংঘৰ্ষত এগৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান নিহত হয় (BSF jawan killed in Manipur) আৰু দুগৰাকী অসম ৰাইফলছৰ জোৱান আহত হৈছে ।

জানিব পৰা মতে সোমবাৰ আৰু মঙলবাৰে মাজনিশা মণিপুৰৰ কাকচিং জিলাৰ চেৰু চুগনু অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনা হয় (Firing in Manipur)। য'ত বিএছএফৰ জোৱানজন শ্বহীদ হয় । জানিব পৰা মতে ৫-৬ জুনৰ গোটেই নিশা নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ এটা দলৰ মাজত গুলীবৰ্ষণ অব্যাহত আছিল ।

ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে কোৱা মতে প্ৰথমে উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰিছিল (Serou Sugnu encounter)। পৰৱৰ্তী গুলীচালনাত এজন বিএছএফ জোৱান নিহত হয়, অসম ৰাইফলছৰ দুগৰাকী জোৱান বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত হয় । আহত অসম ৰাইফলছৰ জোৱানকেইজনক বিমানেৰে মনত্ৰিপুখৰীলৈ লৈ যোৱা হয় । সেনাই উল্লেখ কৰা মতে আক্ৰমণকাৰী উগ্ৰপন্থীক গ্ৰেপ্তাৰৰ বাবে অঞ্চলটোত অভিযান চলি আছে ।

লক্ষণীয়ভাৱে, যোৱা কেইদিনমানত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সংখ্যা অধিক হৈছে । শনিবাৰে সন্দেহজনক উগ্ৰপন্থীয়ে কাকচিং জিলাৰ চুগনুৰ সমীপৰ চেৰু বজাৰত কংগ্ৰেছ বিধায়ক কে ৰঞ্জিত সিঙৰ বাসগৃহকে ধৰি এটা ঘৰ জ্বলাই দিয়ে । পাছত নিশা উগ্ৰপন্থীৰ এটা দলে অঞ্চলটোত নিৰাপত্তা বাহিনীৰ এটা শিবিৰ ঘেৰাও কৰিবলৈ চেষ্টা কৰে । তেতিয়াই দুয়োপক্ষৰ মাজত গুলীচালনা হয় (Firing between security forces and militants)।

সোমবাৰে আৰক্ষীয়ে কোৱা মতে গাঁওবাসীয়ে মণিপুৰৰ কাকচিং জিলাৰ চুগনুত ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টৰ এটা পৰিত্যক্ত শিবিৰ জ্বলাই দিছিল । দেওবাৰে, ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন, সীমান্ত সুৰক্ষা বাহিনী, গাঁৱৰ স্বেচ্ছাসেৱক আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীয়ে আক্ৰমণ কৰাত শিবিৰৰ পৰা পলায়ন কৰে উগ্ৰপন্থীসকলে ।

লগতে পঢ়ক :Mission Arikomban : তামিলনাডুৱে সংস্থাপন কৰিব কেৰালাৰ বনৰীয়া দঁতাল হাতী আৰিকোম্বানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.