ETV Bharat / state

Lakhimpur Medical College: অন্তঃসাৰশূন্য অৱস্থা লখিমপুৰ মেডিকেল কলেজৰ; বিভিন্ন সংগঠনৰ ক্ষোভ প্ৰকাশ

author img

By

Published : Jan 9, 2023, 6:13 PM IST

Lakhimpur Medical College
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়

নামতহে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (Lakhimpur medical college)৷ চমক সৃষ্টি কৰি স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়খনত নাই প্ৰয়োজনীয় সা-সুবিধাৰ লগতে চিকিৎসক ৷ চিকিৎসা মহাবিদ্যালয়খনৰ এই অৱস্থাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠন ৷

অন্তঃসাৰশূন্য অৱস্থা লখিমপুৰ মেডিকেল কলেজ

লখিমপুৰ, ৯ জানুৱাৰী: ভোটবেংকৰ স্বাৰ্থতহে যেন জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে অসম চৰকাৰে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনখন খামুচি ধৰি ৰাখিবৰ বাবেই যেন ঘোষণা স্থাপন কৰিলে চিকিৎসা মহাবিদ্যলয়সমূহ ৷ স্থাপন হ’ল যদিও চিকিৎসা মহাবিদ্যালয়সমূহত নাই পৰ্যাপ্ত চিকিৎসক আৰু সা-সুবিধা ৷ এই অভিযোগ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad)৷

লখিমপুৰবাসীৰ দীর্ঘদিনীয়া সপোন পূৰণ কৰি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (Lakhimpur medical college)৷ পিছে মুকলি হোৱাৰ পাছৰ পৰাই না না বিতৰ্কই লগ নেৰা মেডিকেল কলেজখনত শেহতীয়াকৈ দুৰ্বল আন্তঃগাঁথনিৰ অভিযোগ উত্থাপিত হৈছে ৷ লখিমপুৰ মেডিকেল কলেজৰ নামত কেৱল চমকহে সৃষ্টি কৰা হ’ল বুলি উত্থাপিত হৈছে অভিযোগ ৷ একোখন চিকিৎসা মহাবিদ্যালয়ত থাকিবলগীয়া আন্তঃগাঁথনিৰ লগতে চিকিৎসকৰো অভাৱ চিকিৎসা মহাবিদ্যালয়খনত (Lack of facilities in Lakhimpur medical college)৷

বিগত বৰ্ষত উদ্বোধন কৰাৰ পিছৰ পৰাই দেৱালত ফাঁট মেলা, জেনেৰেটৰত ইন্ধন নথকা, চিকিৎসাৰ অভাৱত সন্তানসহ প্ৰসূতিৰ মৃত্যু ঘটা আদি দেধাৰ বিতর্কই মেডিকেল কলেজখনক জোঁকাৰি আছে (LMCH incident)৷ শেহতীয়াকৈ দুৰ্বল আন্তঃগাঁথনিৰ অভিযোগ উঠিছে চিকিৎসা মহাবিদ্যালয়খনৰ বিৰুদ্ধে ৷ মূলতঃ চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসকৰ অভাৱত ৰোগীয়ে সমস্যাত পৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Doctors in Lakhimpur medical college)৷

তাৎপৰ্যপূৰ্ণভাৱে মেডিকেল কলেজখনত নামত শতাধিক চিকিৎসক নিয়োগ কৰা আছে যদিও পঞ্চাশ জনমান চিকিৎসকহে কৰ্মৰত হৈ আছে ৷ ৰাজ্যৰ বিভিন্ন জিলালৈ বদলি কৰা হ’ল একাংশ চিকিৎসকক ৷ এশ তিনিজন চিকিৎসক নিয়োগ কৰাৰ পাছত বৰ্তমান মাথো ৫০ জনমানহে আছেগৈ ৷ যাৰবাবে ৰোগীয়ে পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ নিত্য-নতুন অভিযোগ উঠি আছে ৷ আনহাতে চিকিৎসা মহাবিদ্যালয়খনত এই পৰ্যন্ত নিযুক্ত নহ’ল তৃতীয় আৰু চতুর্থ বৰ্গৰ কৰ্মচাৰী (Lakhimpur medical college recruitment )৷

তদুপৰি প্ৰয়োজনীয় ঔষধৰো অভাৱৰ অভিযোগো উত্থাপিত হৈ আহিছে চিকিৎসা মহাবিদ্যালয়খনৰ বিৰুদ্ধে (Available medicine in Lakhimpur medical college) ৷ যাৰ বাবে কেৱল চমক সৃষ্টিৰ বাবেহে লখিমপুৰ মেডিকেল কলেজখন নিৰ্মাণ কৰা বুলি ক্ষোভ ব্যক্ত কৰিছে বিভিন্ন সংগঠনে ৷ তৎকালীনভাৱে চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ণ নকৰিলে প্ৰতিবাদৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মনোজ কলিতাই (Lakhimpur AJYCP president) কয় যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খন স্থাপনৰ পাছতে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছিল লখিমপুৰ আৰু ধেমাজিবাসীৰ মাজত ৷ কিয়নো কোনো এজন ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী অথবা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ সেয়েহে লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণে এক আশাৰ বতৰা কঢ়িয়াই আনিছিল ৷

কিন্তু চিকিৎসা মহাবিদ্যালয়খনত দেখা দিয়া অভাৱসমূহে চমক সৃষ্টিৰ বাবেহে চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰাৰ কথা প্ৰতিপন্ন কৰে বুলি যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: Constituency determination: সমষ্টি নিৰ্ধাৰণকলৈ বদৰপুৰৰ ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.