ETV Bharat / state

AJYCP protest: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

author img

By

Published : Feb 9, 2023, 4:49 PM IST

AJYCP protest
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ (AJYCP protest at Lakhimpur)। শক্তি মন্ত্রী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে । ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী প্ৰতিবাদকাৰীৰ ।

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ, ৯ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অব্যাহত আছে (Price hike in Assam)। যাৰ বাবে সাধাৰণ নাগৰিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে চৰকাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে । খাৰুৱা তেলৰ বৃদ্ধিৰ অজুহাতত পুনৰ ৫০ পইচাকৈ বিদ্যুতৰ নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে (Power tariff hiked)। যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লখিমপুৰ জিলাতো চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest at Lakhimpur)। লখিমপুৰত বৃহস্পতিবাৰে শক্তি মন্ত্রী লগতে শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে । প্ৰতিবাদকাৰীয়ে শক্তি মন্ত্রী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ নগৰৰ কে বি ৰোডত থকা এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত শক্তি মন্ত্রী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে (Power Minister effigy burn in Lakhimpur)।

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শক্তি মন্ত্রী হায় হায়, হিমন্ত চৰকাৰ গ' বেক, বিদ্যুৎ বিভাগ হায় হায়, অসমৰ ৰাইজক ঠগবাজি কৰা চৰকাৰ হায় হায়, মূল্য বৃদ্ধিৰে ৰাইজক হাৰাশাস্তি কৰা অসম চৰকাৰ হায় হায়, বিদ্যুৎ মাচুল হ্ৰাস কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মন্ত্রী নন্দিতা গাৰ্লোছাক মিছলীয়া আখ্যা দিয়াৰ লগতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে জনতাৰ হিতৰ বাবে নহয় এই চৰকাৰখন জনবিৰোধী । যাৰ বাবে বিদ্যুতকে ধৰি সকলো সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ । ইফালে অতি শীঘ্ৰে বিদ্যুতৰ মাচুল লগতে আন আন সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাই । যদি তেওঁলোকৰ দাবী মানি লোৱা নহয় আগন্তুক দিনত সংগঠনটোৱে তীব্ৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে (AJYCP slams Assam Govt)।

উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ৩০ পইচাকৈ বৃদ্ধি কৰা হৈছিল (Power tariff hiked in Assam)। নৱেম্বৰৰ পৰা জানুৱাৰীলৈ বিদ্যুৎ গ্রাহকসকলে প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে অতিৰিক্তভাৱে ৩০ পইচাকৈ আদায় দিছিল । কিন্তু পহিলা ফেব্ৰুৱাৰীৰ পৰা গ্ৰাহকৰ পৰা অতিৰিক্ত ৫০ পইচাকৈ আদায় কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল ।

লগতে পঢ়ক :Awareness programme against child marriage: বাল্য বিবাহৰ বিৰুদ্ধে কলগাছিয়াৰ শিক্ষানুষ্ঠানত সজাগতামূলক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.