Awareness programme against child marriage: বাল্য বিবাহৰ বিৰুদ্ধে কলগাছিয়াৰ শিক্ষানুষ্ঠানত সজাগতামূলক কাৰ্যসূচী

By

Published : Feb 9, 2023, 1:08 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

জনীয়া, 9 ফেব্ৰুৱাৰী: কলগাছিয়াৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ৷ হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে কাৰ্ড লৈ কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ কিন্তু কিহৰ কাৰণে এই প্ৰতিবাদ কণ কণ ছাত্ৰ-ছাত্ৰীলসকলৰ ? শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাল্য বিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক আটক কৰিছে (Child marriage in Assam) ৷ 

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে কলগাছিয়া পাব্লিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে (Kalgachia Public Senior Secondary School) ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজৰ এক ভয়াৱহ ব্যাধি বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক একমুখে প্ৰশংসা কৰাৰ লগতে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ পূৰ্ণ সমৰ্থন কৰিছে বিদ্যালয়খনৰ শিক্ষাগুৰু সহিতে ছাত্ৰ-ছাত্ৰীসকলে (Awareness protest against child marriage in Kalgachia) ।

আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাৰ ভাগতে কলগাছিয়া পাব্লিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ চৌহদত বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বাল্য বিবাহ বিৰোধী শ্লোগানেৰে বিদ্যালয় চৌহদ উত্তাল কৰি তোলে । ছাত্ৰ-ছাত্ৰীসকলে বাল্য বিবাহৰ বিৰুদ্ধে বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ সামাজিক ব্যাধি, অসম চৰকাৰ জিন্দাবাদ আদি শ্লোগান দিয়া পৰিলক্ষিত হয় ।

লগতে ছাত্ৰ-ছাত্ৰীসকলে কয় যে ছোৱালীক পঢ়িবলৈ দিয়ক ৷ শিক্ষা গ্ৰহণৰ সুযোগ দিয়ক ছোৱালীক ৷ 18 বছৰ পিছত হে বিয়া দিব লাগে বুলিও কয় ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলে অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি জনায় । ইয়াৰোপৰিও বাল্য বিবাহৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ লগতে অনাগত দিনত বাল্য বিবাহৰ দৰে সমাজৰ এক ভয়াৱহ ব্যাধিক অসমৰ পৰা একেবাৰে নাইকিয়া কৰিবলৈও চৰকাৰলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে (Protest against child marriage in Kalgachia)।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনোৱা অনুসৰি, এই পৰ্যন্ত বাল্য বিবাহৰ লগত জড়িত মুঠ 2,666 জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে (Crackdown against child marriage in Assam) ৷

লগতে পঢ়ক: Child marriage in Assam: এগৰাকী গৰ্ভৱতী পত্নীয়ে মুখ্যমন্ত্ৰীলৈ কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.