ETV Bharat / state

লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

author img

By

Published : Aug 23, 2022, 9:26 PM IST

aasu protests against lakhimpur municipality
লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

লখিমপুৰ পৌৰসভাৰ কামকাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মঙলবাৰে মানৱ শৃংখল কাৰ্যসূচী গ্রহণ কৰে আছুৱে (AASU protest in Lakhimpur) । পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।

লখিমপুৰ,২৩ আগষ্ট: উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে ছাত্র সন্থাৰ মানৱ শৃংখল(AASU creates human chain against Lakhimpur Municipality) । পৌৰসভাৰ সন্মুখতে মানব শৃংখল সৃষ্টি কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্থাই (AASU protest in Lakhimpur) । পৌৰসভাই ঠিকাদাৰ প্ৰীতি বন্ধ কৰক, পৌৰসভা হায় হায়, পৌৰসভাৰ কাম নাই, পৌৰসভা এলেকাৰ সমস্যা সমুহ সমাধান কৰক আদি শ্লোগান দি কৰি কঁপাই তোলে ৷

লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

মানৱ শৃংখলৰ জৰিয়তে ছাত্র সন্থাই পৌৰসভা এলাকাৰ নলা নৰ্দমা সমুহ আহল বহল কৰা, নিষ্কাষণ কৰা, নগৰত ষ্ট্ৰীট লাইট সমুহ স্থাপন কৰা, পৰ্যাপ্ত ডাষ্টবিনৰ ব্যবস্থা কৰা, সোমদিৰি আৰু গৰিয়াজানৰ বেদখল উচ্ছেদ কৰাৰ দাবী জনায় ।

পৌৰসভাই অনাগত সময়ত সঠিক ব্যবস্থা গ্রহণ নকৰিলে ছাত্র সন্থাই অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সকীয়াই দিয়ে । দাবীসমুহ পূৰণৰ বাবে ছাত্র সন্থাই পৌৰসভাৰ বিষয় ববীয়াক প্ৰদান কৰে এখন স্মাৰক পত্ৰ ৷

লগতে পঢ়ক: ২৯ আগষ্টত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.