ETV Bharat / state

২৯ আগষ্টত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া

author img

By

Published : Aug 23, 2022, 6:50 PM IST

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক কামৰূপ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গোচৰৰ সন্দৰ্ভত জাৰি কৰা হৈছে এই চমন (Manish Sisodia gets summon)

Manish Sisodia gets summon
কামৰূপ CJM আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া

গুৱাহাটী, 23 আগষ্ট: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে কামৰূপ CJM আদালতে মঙলবাৰে চমন কৰিছে । অহা ২৯ আগষ্টত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক কামৰূপ CJM আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰে (Manish Sisodia gets summon)।

উল্লেখ্য যে, পিপিই কিট সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল(Defamation case filed by CM Himanta Biswa Sarma) । দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক কামৰূপ CJM আদালতত(Kamrup CJM court) হাজিৰ হোৱাৰ নিৰ্দেশনাৰ কথা জানিবলৈ দিয়ে মহাধিবক্তা দেৱজিৎ শকীয়াই ৷

যোৱা 22 জুলাইৰ আদালতৰ শুনানিত মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰাৰম্ভিক জবানবন্দী দিছিল ।

উল্লেখ্য যে, যোৱা দুমাহ পূৰ্বে দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ পিপিই কিট সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্মী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰুদ্ধে ২০২০ চনত দুৰ্নীতি কৰা অভিযোগ কৰিছিল (PPE Kit scam allegation)। সেই সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আৰ টি আইযোগে লাভ কৰা বিভিন্ন তথ্য ৰাজহুৱা কৰিছিল ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্মী ৰিণিকি ভূঞা শৰ্মায়ো যোৱা ২১ জুনত পিপিই কিট যোগানত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ বাবে কামৰূপ (মেট্ৰ') অসামৰিক ন্যায়াধীশ-১ৰ ওচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ অসামৰিক মানহানিৰ গোচৰ তৰিছিল (Defamation case again Delhi Deputy CM)৷

লগতে পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.