ETV Bharat / state

Dacoit arrested: লখিমপুৰত মাৰণাস্ত্ৰসহ ৪ ডকাইত গ্ৰেপ্তাৰ

author img

By

Published : Feb 7, 2023, 6:31 PM IST

Dacoit arrested
লখিমপুৰত মাৰণাস্ত্ৰসহ ৪ ডকাইত গ্ৰেপ্তাৰ

গুৱাহাটীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সৈতে জড়িত আছিল ডকাইত কেইটা (Guwahati Ranjit Bora murder case)। গুৱাহাটী, নলবাৰী, কামৰূপ, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হোৱা কেইবাটাও ডকাইত আৰু আন অপৰাধজনিত ঘটনাটো জড়িত আছিল ডকাইতকেইটা । লখিমপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লখিমপুৰত মাৰণাস্ত্ৰসহ ৪ ডকাইত গ্ৰেপ্তাৰ

লখিমপুৰ,৭ ফেব্ৰুৱাৰী : অৱশেষত লখিমপুৰত গ্ৰেপ্তাৰ হ'ল ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ৪ টা ডকাইত (Robber arrested in Lakhimpur)। ৰাজ্যৰ ভিন্ন প্ৰান্তত ডকাইতি,হত্যা আদিৰে সন্ত্ৰাস চলাই আহিছিল ডকাইতকেইটাই । মঙলবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই মাৰণাস্ত্ৰসহ ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে ডকাইতকেইটাক জেৰা অব্যাহত ৰাখিছে ।

লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতা । মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ টাকৈ দুৰ্ধৰ্ষ ডকাইত (4 dacoit arrested in Lakhimpur)। বিগত বৰ্ষৰ মাৰ্চ মাহত লখিমপুৰৰ জগদম্বা হাৰ্ডৱেৰত ১১.৫০ লাখ টকা লুট কৰি লৈ গৈছিল এটা ডকাইতৰ দলে । ডকাইতৰ দলটোৰ ৪ টাক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে । ধৃত ডকাইত কেইটা হৈছে ক্ৰমে প্ৰাঞ্জল শইকীয়া ওৰফে মইনা, এলভিন সোনাৰ, মেচৰ আলী ওৰফে ঠিকাদাৰ আৰু খলিলুৰ ৰহমান ।

লখিমপুৰৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাই । ইয়াৰে এলভিন সোণাৰ ডকাইতিকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে । ধৃত ডকাইতটো 'ANLA'ৰে জড়িত বুলি এক অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিলেও আৰক্ষীয়ে এই পৰ্যন্ত সেইয়া নিশ্চিত নহয় বুলি কয় । আনহাতে ডকাইতৰ দলটোৰ আন সদস্য ক্ৰমে জয়দেৱ মহন্ত, সজল আলী, শ্বাহ আলম ওৰফে জিণ্টুক গুৱাহাটী মেট্ৰ' আৰু নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।

ইয়াৰোপৰি ভূপেন দাস নামৰ আন এটা ডকাইত সম্প্ৰতি পলাতক বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই মঙলবাৰে বিয়লি সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে যে, এই দলটো গুৱাহাটী, নলবাৰী, কামৰূপ, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছিল । গুৱাহাটীৰ পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ বিতাৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতেও জড়িত আছিল এই ধৃত ডকাইতৰ দলটো (Ranjit Bora murder case)।

আৰক্ষীয়ে এই দলটোৰ অন্যতম সদস্য প্ৰাঞ্জল শইকীয়াৰ ঘৰৰ পৰা জব্দ কৰিছে ইটালীত নিৰ্মিত এটা ৭.৬৫ পিষ্টল, এটা মেগজিন আৰু এজাই সজীৱ গুলী (Weapons recovered from dacoits in Lakhimpur)। লগতে আৰক্ষীয়ে AS-01-EL-6939 নম্বৰৰ এখন অল্টো বাহনো জব্দ কৰিছে । ধৃত প্ৰাঞ্জল শইকীয়া আৰু এলভিন সোণাৰৰ ঘৰ লখিমপুৰৰ দলহাটত । আনহাতে মেচৰ আলি আৰু খলিলুৰ ৰহমানৰ ঘৰ লখিমপুৰ নগৰৰ খেলমাটিত বুলি আৰক্ষীয়ে জনাইছে ।

লখিমপুৰৰ জগডম্বা হাৰ্ডওৱেৰৰ ডকাইতিকাণ্ডৰ পৰিকল্পনা মেচৰ আলী আৰু খলিলুৰ ৰহমানৰ ঘৰতে কৰা হৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে (Lakhimpur robbery case)। ধৃত আটাইকেইটাকে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । জেৰাৰ অন্তত তেওঁলোকক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব । আনহাতে গুৱাহাটী আৰু নলবাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা এই দলটোৰ আন কেইটা সদস্য ক্ৰমে জয়দেৱ মহন্ত, সজল আলী, শ্বাহ আলমক আৰক্ষীয়ে জেৰাৰ বাবে লখিমপুৰলৈ আনিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Tinsukia murder : পুত্ৰক কিয় হত্যা কৰিলে পিতৃয়ে..কেমেৰাৰ সন্মুখত ভয়ংকৰ স্বীকাৰোক্তি পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.